পৰশুৰাম কুণ্ডক লৈ বিপ্ৰ ফাউণ্ডেচনৰ বিৰুদ্ধে ব্ৰাহ্মণ ফ্ৰণ্টৰ ক্ষোভ
চৰকাৰী আঁচনিৰ ধনৰে নিৰ্মাণ হোৱা মূৰ্তিৰ নামত ধন সংগ্ৰহৰ অভিযোগ
চাইন অন ডেস্ক,১৫ছেপ্তেম্বৰ:
অৰুণাচল প্ৰদেশৰ ঐতিহাসিক তথা ধৰ্মীয় পৰ্যটনৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান পৰশুৰাম কুণ্ডৰ উন্নয়নমূলক কাম-কাজ আৰু ভগৱান পৰশুৰামৰ বৃহৎ মূৰ্তি নিৰ্মাণক কেন্দ্ৰ কৰি অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট, অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। মঙলবাৰে ডিব্ৰুগড় সাহিত্য সভা ভৱনত এখন জৰুৰী সংবাদমেল আহ্বান কৰি ফ্ৰণ্টে ‘বিপ্ৰ ফাউণ্ডেচন’ নামৰ সংগঠনটোৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে।
সংবাদমেলত ফ্ৰণ্টৰ সভাপতি সতীশ চন্দ্ৰ শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ ‘প্ৰসাদ’ (PRASAD) আঁচনিৰ অধীনত প্ৰায় ৩৭ কোটি ৮৫ লাখ টকা ব্যয়েৰে পৰশুৰাম কুণ্ডত বিভিন্ন উন্নয়নমূলক কামৰ লগতে ভগৱান পৰশুৰামৰ ৫১ ফুট উচ্চতাৰ বৃহৎ প্ৰতিমা নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল। ফ্ৰণ্টৰ দাবী অনুসৰি, প্ৰতিমাটোৰ নিৰ্মাণকাৰ্য ২০২১-২২ চনতে প্ৰায় সম্পূৰ্ণ হৈছিল যদিও সামান্য ফিনিছিং কাম বাকী থকাৰ অজুহাতত এতিয়াও স্থানটো সম্পূৰ্ণৰূপে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হোৱা নাই। ফলত গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু পৰ্যটনস্থলীটো অপৰিষ্কাৰ অৱস্থাত পৰি থকা বুলিও অভিযোগ কৰে সংগঠনটোৱে।
ফ্ৰণ্টৰ সভাপতি সতীশ চন্দ্ৰ শৰ্মাই অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত মূৰ্তি নিৰ্মাণ আৰু প্ৰকল্পৰ বাবে ইতিমধ্যে ধন আবণ্টন কৰা হৈছে। ইয়াৰ পিছতো ‘বিপ্ৰ ফাউণ্ডেচন’ নামৰ এটা সৰ্বভাৰতীয় সংগঠনে পৰশুৰামৰ মূৰ্তি নিৰ্মাণৰ নামত দেশ-বিদেশৰ পৰা ধন সংগ্ৰহ কৰি আহিছে বুলি তেওঁলোকে অভিযোগ কৰে। সংগঠনটোৱে নিজৰ ৱেবছাইট আৰু বিভিন্ন মাধ্যমত মূৰ্তি নিৰ্মাণৰ বাবে প্ৰায় ১১ কোটি টকাৰ প্ৰয়োজন বুলি উল্লেখ কৰি ধন সংগ্ৰহৰ আহ্বান জনোৱা বুলিও সংবাদমেলত দাবী কৰা হয়।
ফ্ৰণ্টৰ সভাপতি সম্পাদক সহ বিষয়ববীয়া সকলৰ অভিযোগ অনুসৰি, এই ধন সংগ্ৰহৰ অভিযানৰ জৰিয়তে কেৱল অসমৰ পৰাই প্ৰায় ১.৫ কোটি টকা সংগ্ৰহ কৰা হৈছে। চৰকাৰী আঁচনিৰ অধীনত কাম চলি থকাৰ সময়তে কোনো বেচৰকাৰী সংগঠনে একেটা প্ৰকল্পৰ নামত ধন সংগ্ৰহ কৰাটো কিমান যুক্তিসংগত, সেই লৈও প্ৰশ্ন উত্থাপন কৰে ফ্ৰণ্টে। অৱশ্যে এই ধন সংগ্ৰহ আৰু অভিযোগসমূহৰ সত্যতা সংশ্লিষ্ট সংস্থাৰ পৰা পৰিষ্কাৰ হোৱাটো প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে সংগঠনটোৱে।
ইফালে, অৰুণাচল প্ৰদেশত মাটি ক্ৰয় কৰি পৰশুৰাম কুণ্ডক কেন্দ্ৰ কৰি প্ৰকল্প আৰম্ভ কৰা বুলি বিপ্ৰ ফাউণ্ডেচনে কৰা বুলি উল্লেখ কৰা দাবীও ফ্ৰণ্টে প্ৰশ্নৰ সন্মুখীন কৰে। ফ্ৰণ্টৰ অভিযোগ, উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় ৰাইজ, সনাতনী সমাজ আৰু ব্ৰাহ্মণ সংগঠনসমূহক পৰ্যাপ্তভাৱে জড়িত নকৰাকৈ বাহিৰৰ এটা সংগঠনে পৰশুৰাম কুণ্ডক লৈ বিভিন্ন কাৰ্যকলাপ চলাই আহিছে।
সংবাদমেলত ফ্ৰণ্টে লগতে পৰশুৰাম কুণ্ডলৈ যোৱা পথৰ দুৰৱস্থাক লৈও ক্ষোভ প্ৰকাশ কৰে। গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু পৰ্যটনস্থলী হিচাপে পৰিচিত পৰশুৰাম কুণ্ডলৈ যোৱা পথৰ উন্নয়ন নোহোৱাৰ ফলত ভক্ত, পৰ্যটক আৰু স্থানীয় ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি তেওঁলোকে অভিযোগ কৰে।
অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টে কয় যে পৰশুৰাম কুণ্ডক কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ‘অষ্টলক্ষ্মী’ ধাৰণাৰ অধীনত আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ স্থান হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আদৰণীয়। কিন্তু চৰকাৰী আঁচনি আৰু ৰাজহুৱা ধনৰ সৈতে জড়িত প্ৰকল্পক কোনো ব্যক্তিগত বা বেচৰকাৰী সংগঠনে নিজৰ কৃতিত্ব হিচাপে প্ৰচাৰ কৰি ধন সংগ্ৰহ কৰাটো গ্ৰহণযোগ্য নহয় বুলি ফ্ৰণ্টে মত প্ৰকাশ কৰে।
সংবাদমেলৰ জৰিয়তে ফ্ৰণ্টে কেন্দ্ৰীয় চৰকাৰ, অৰুণাচল প্ৰদেশ চৰকাৰ, অসম চৰকাৰ আৰু সংশ্লিষ্ট পৰ্যটন বিভাগক বিপ্ৰ ফাউণ্ডেচনৰ ধন সংগ্ৰহ আৰু পৰশুৰাম কুণ্ডক কেন্দ্ৰ কৰি চলোৱা কাৰ্যকলাপৰ বিষয়ে উপযুক্ত তদন্ত কৰাৰ দাবী জনায়। লগতে ধৰ্মীয় আৰু আধ্যাত্মিক স্থানসমূহক লৈ যাতে কোনো ধৰণৰ অনিয়ম, স্বাৰ্থপূৰণ বা আৰ্থিক খেলিমেলি সংঘটিত নহয়, তাৰ বাবে চৰকাৰ আৰু প্ৰশাসনক কঠোৰ নজৰদাৰী কৰিবলৈ আহ্বান জনায়।
ফ্ৰণ্টে লগতে উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় সনাতনী সমাজ আৰু সংগঠনসমূহক পৰশুৰাম কুণ্ডৰ উন্নয়ন আৰু পৰিচালনাৰ ক্ষেত্ৰত যথোচিতভাৱে জড়িত কৰাৰ দাবী উত্থাপন কৰে।
সংবাদমেলৰ শেষত অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ অসম ৰাজ্যিক সমিতিয়ে সনাতনী সংস্কৃতিৰ সংৰক্ষণ, আধ্যাত্মিক ক্ষেত্ৰৰ উন্নয়ন আৰু ঐতিহাসিক ধৰ্মীয় স্থানসমূহৰ স্বচ্ছ তথা সুপৰিকল্পিত উন্নয়নৰ বাবে আগলৈও কাম কৰি যোৱাৰ সংকল্প ব্যক্ত কৰে। সংবাদ মেলত সভাপতি সতীশ চন্দ্ৰ শৰ্মা, সম্পাদক পবিত্ৰ কুমাৰ শৰ্মা সহ অন্যান্য সকল উপস্থিত থাকে।
