ডিব্ৰুগড়ত সোণোৱাল কছাৰী ডিঙিয়াল বংশৰ সভা
বংশাৱলী আহ্বায়ক সমিতি গঠন
চাইন অন ডেস্ক,১৫ ছেপ্টেম্বৰঃ
সাত খেল চৈধ্য বংশৰে সমৃদ্ধ সোনোৱাল কছাৰী জনজাতিৰ অন্যতম বংশ ডিঙিয়াল বংশৰ বংশাৱলী অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব৷ ইয়াৰ পূৰ্বে বংশটোৰ অন্তৰ্গত চাৰিটা সঁচ ক্ৰমে গাঠিৰী, কলাৰী, ডেমাৰী আৰু কেকোৱাৰী সঁচৰ অধিৱেশন চলিত বৰ্ষৰ ডিচেম্বৰ মাহত আয়োজনৰ অন্তত বংশাৱলী অনুষ্ঠিত হ’ব৷ ইয়াৰ বাবে বিগত ২০১৪ চনত গঠিত আৰু প্ৰায় এক দশককাল বিভিন্ন কাৰণত সক্ৰিয় হৈ থাকিব নোৱৰা ডিঙিয়াল বংশৰ কেন্দ্ৰীয় সমিতিখনৰ সভাপতি দেৱেশ্বৰ সোনোৱাল আৰু সাধাৰণ সম্পাদক ধৰ্মকান্ত বড়াৰ লগতে কেউটা সঁচৰ প্ৰতিনিধিক লৈ এখনি আহ্বায়ক সমিতি গঠন কৰা হয়৷ সমিতিখনত কলাৰী সঁচৰ ৰতন হাজৰিকা, গাঠিৰী সঁচৰ শক্তিধৰ গাঠিৰীক মুখ্য আহ্বায়ক হিচাপে দায়িত্ব প্ৰদানৰ লগতে টংকেশ্বৰ 

উক্ত সভাত পূৰ্বৰ সমিতিখনৰ সাধাৰণ সম্পাদকে বিভিন্ন অসুবিধাৰ বাবে সময়মতে বংশাৱলী অনুষ্ঠিত কৰিব নোৱৰাৰ লগতে কাম-কাজ চলাই নিয়াৰ ক্ষেত্ৰত অপাৰগতা স্বীকাৰ কৰি আজিৰ সভাৰ সিদ্ধান্ত মানি লোৱাৰ সপক্ষে মত পোষণ কৰি বক্তব্য আগবঢ়ায়৷ সভাত উপস্থিত থকা বংশটোৰ বিশিষ্ট ব্যক্তি দেৱেশ্বৰ সোনোৱাল, পূষ্পধৰ সোনোৱাল, টংকেশ্বৰ সোনোৱাল, বদন চন্দ্র সোনোৱাল, আহ্বায়ক হেমন্ত সোনোৱাল, হৰেন সোনোৱালকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেউটা সঁচৰ বিভিন্নজন প্ৰতিনিধিয়ে সোনোৱাল কছাৰী জনজাতিটোক সমৃদ্ধিশালী আৰু জাতিষ্কাৰ কৰাৰ স্বাৰ্থত অনাগত দিনত ডিঙিয়াল বংশই ল’বলগীয়া বিভিন্ন কাৰ্যপন্থাৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়৷