দল সলনি কৰা সাংসদ-বিধায়কৰ বিৰুদ্ধে
১০ বছৰ নিষেধাজ্ঞাৰ পোষকতা ?
নতুন দিল্লী,১৫ছেপ্টেম্বৰঃ
দল সলনি কৰা সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে ১০ বছৰ নিষেধাজ্ঞাৰ পোষকতা কৰিছে জ্যেষ্ঠ অধিবক্তা আৰু ৰাজ্যসভাৰ সাংসদ কপিল ছিবালে। ছিবালৰ এই প্ৰস্তাৱ ক’কৰোচ জনতা পার্টিয়ে সমৰ্থন কৰিছে। ক’কৰোচ জনতা পার্টি চমুকৈ চিজেপিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অভিজিৎ দীপকেই ছিবালৰ প্ৰস্তাৱলৈ পূর্ণ সমর্থন আগবঢ়ায়। স্মৰ্তব্য যে কেৰলমৰ কোচিত আয়োজিত
হৰ্ছ ট্রেডিং আৰু গণতন্ত্র শীর্ষক এক অনুষ্ঠানত ভাষণ দি ছিবালে কালি কৈছিল যে সংবিধানৰ দশম অনুসূচী পৰিবৰ্তন কৰিব লাগে, যাতে ৰাজনৈতিক দলসমূহত বৃহৎ পৰিমাণে দলত্যাগ কৰা নেতাই ভিৰ কৰিব নোৱাৰে। বৰ্তমানৰ নিয়ম অনুসৰি যদি কোনো দুই-তৃতীয়াংশ সদস্যই অন্য দললৈ যায়, তেন্তে তাক ৰাজনৈতিক বিলয় হিচাপে গণ্য কৰা হয়। তদুপৰি দল সলনি কৰিলেও তেওঁলোকৰ সদস্য পদ খাৰিজ কৰা নহয়।