...

ডিব্ৰুগড়ত দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন ক্ষেত্ৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত

ডিব্ৰুগড়ত দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন ক্ষেত্ৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত

চাইন অন ডেস্ক,১৫ ছেপ্টেম্বৰ:

দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন ক্ষেত্ৰ সন্দৰ্ভত আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত ডিব্ৰুগড়ৰ মাননীয় বিধায়ক প্ৰশান্ত ফুকনে সভাপতিত্ব কৰে।

বৈঠকত জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপু কুমাৰ ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত শিৱানী জেৰংগাল, নাহৰকটীয়া সম-জিলা আয়ুক্ত বিৰাজ বৰুৱা, টিংখাং সম-জিলা আয়ুক্ত পৰীক্ষিত ফুকন, অতিৰিক্ত জিলা আয়ুক্তসকল প্ৰাঞ্জল বৰুৱা, দীপময় ঠাকুৰীয়া , দেৱ নাৰায়ণ হাজৰিকা আৰু জাহ্নৱী গোস্বামী, লগতে বিভিন্ন ৰাজহ চক্ৰৰ বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে।

বৈঠকত দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিশেষকৈ সমন্বিত পৰিকল্পনা, আন্তঃগাঁথনি উন্নয়ন আৰু বিভিন্ন বিভাগৰ মাজত ফলপ্ৰসূ সমন্বয় আৰু অভিসৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

বিভিন্ন বিভাগ আৰু সংশ্লিষ্ট সংস্থাসমূহে নিজ নিজ দায়িত্বৰ ক্ষেত্ৰসমূহ সন্দৰ্ভত আলোচনা কৰাৰ লগতে নগৰ উন্নয়ন, আন্তঃগাঁথনি, লোকনিৰ্মাণ, স্বাস্থ্য, পৰিবহণ, জলসম্পদ, কৃষি, উদ্যোগ, দুৰ্যোগ ব্যৱস্থাপনা আদি গুৰুত্বপূৰ্ণ খণ্ডৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰৰ বিষয়সমূহ উত্থাপন কৰে।

বৈঠকত প্ৰস্তাৱিত দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু জনসাধাৰণৰ বাবে নাগৰিক সুবিধাসমূহ উন্নত কৰাৰ বাবে বিভাগসমূহৰ মাজত আন্তঃবিভাগীয় সমন্বয়, সমন্বিত পৰিকল্পনা আৰু উন্নয়নমূলক পদক্ষেপসমূহ সময়মতে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *