...

৫ হাজাৰ কোটি টকাৰ মালিক হ’লগৈ পথৰ ভিক্ষাৰী ?

৫ হাজাৰ কোটি টকাৰ মালিক হ’লগৈ পথৰ ভিক্ষাৰী ?

এই ভাৰতবৰ্ষতে সংঘটিত কৰুণ ঘটনা

কিয় হল ? কোনে বাধ্য কৰালে ?
চাইন অন ডেস্ক,১৫ছেপ্তেম্বৰ:

প্ৰায় ৫ হাজাৰ কোটি টকাৰ মালিক হ’লগৈ পথৰ ভিক্ষাৰী ! এই ভাৰতবৰ্ষতে সংঘটিত কৰুণ ঘটনা। প্ৰায়
পাঁচ হাজাৰ কোটি টকাৰ সম্পত্তিৰ মালিক বিজেপিৰ আটাইতকৈ ধনী বিধায়ক সকলৰ ভিতৰত এজন পৰাগ শ্বাহ। যোৱা ১৪ ছেপ্টেম্বৰ দিনা তেখেতক ৰাজপথত এনেকৈ ভিক্ষাৰী বেশত দেখা পোৱা গল। এনেকুৱা কি হল যে তেওঁ ৰাজপথত আনৰ পৰা জুঠা খাদ্য, পইচা বিচাৰিব ধৰিলে ! না, তেওঁৰ বিধায়কৰ পদৰ কাম চলিল, না, কোটি টকা কামত আহিল ?

প্ৰকৃততে পৰাগ শ্বাহ গুজৰাটী জৈন ধৰ্মৰ লগত সম্পৰ্ক আছে। তেখেতৰ জন্ম মুম্বাইত। তেওঁ বাণিজ্য বিভাগত স্নাতক।১৯৯১ চনৰ পৰা পৰিয়ালৰ ৰিয়েল ষ্টেট ব্যৱসায়ত জৰিত হৈ পৰিল। বৰ্তমান তেওঁৰ সম্পত্তিৰ মূল্য প্ৰায় ৫ হাজাৰ কোটি টকা। মহাৰাষ্ট্ৰৰ ঘাতকৌপৰ পূৰ্ব বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছে।
১৪ছেপ্টেম্বৰ দিনা তেখেতক এটা ভিডিঅ ভাইৰেল হোৱা দেখা গল। য’ত পৰাগ শ্বাহে ফটা, পুৰণা লেতেৰা কাপোৰ পিন্ধি এজন ভিক্ষাৰী নিচিনাকৈ ফুটপাথত বহি আছিল।

ইয়াৰ অন্তৰালত আছিল জৈন ধৰ্ম।
পৰাগ শ্বাহ জৈন ধৰ্মৰ প্ৰবল বিশ্বাসী।তেওঁ জৈন আধ্যাত্মিক গুৰু নম্ৰমুনি গুৰুৰ অনুগামী।
কিবা এটা তিথিত তেওঁ গুৰুৰ ওচৰলৈ গৈছিল। তাত, তেখেতৰ লগত বাৰ্তালাপ হয়। গুৰুৱে তেওঁক পৰামৰ্শ দিয়ে যে যদি তুমি তোমাৰ ভিতৰৰ পৰা ৰাজনৈতিক আৰু আৰ্থিক অহংকাৰ সমাপ্ত কৰিব খুজিছা তেন্তে এক দিনৰ কাৰণে ভিক্ষাৰী হৈ চোৱা। তেতিয়া তুমি নিজৰ ‘ঔকাদ’ গম পাবা। এজন ৰাজনেতা হিচাবে ঘূৰি ফুৰোতে যি সকল তোমাৰ আগে পিছে, সদায় লাগি ফুৰে ঘূৰি থাকে সিহঁতে তোমাক ফুতাকৰি এটাও নিদিয়ে।

সেয়ে তেওঁ সেই বেশত আহি পৰীক্ষা কৰি চালে। মূৰত ভিক্ষাৰী নিচিনাকৈ চুলিও লগালে। গাত পুৰণা ফটা কাপোৰ পিন্ধি প্ৰচণ্ড ৰদত বহি ভিক্ষা খুজিলে।
কোনোৱেই তেওঁক ১ টকাও দিবলৈ সাজু নাছিল। গোটেই দিন ৰদত বহি বহি আবেলি কোনোৱা এজনে ভিক্ষাৰী বুলি ২০ টকা এটা দিলে।যা, বাবা ! কিবা এটা খাই লবি বুলি কৈ।
পৰাগ শ্বাহে সেই ভিক্ষাৰীৰ চেহেৰাত এখন চিঙৰাৰ দোকানত থিয় হল আৰু দোকানী জনে নিজৰ ফালৰ পৰা ভোকত থকা ভিক্ষাৰী বুলি ভাবি ফ্ৰীকে চিঙৰা এটা দিলে। সেইটো তেওঁ ফুটপাথত বহি খালে। তেতিয়া ৫ হাজাৰ কোটি টকাৰ মালিক বিধায়ক পৰাগ শ্বাহৰ বিশ্বাস হল যে সেই ফুটপাথৰ মানুহবোৰে ১ টকাৰ কাৰণে কিমান সংঘৰ্ষ কৰিব লগা হয়!
যেতিয়া ভিক্ষাৰী গেট আপৰ পৰা নিজৰ বিধায়ক পৰাগ শ্বাহৰ ৰূপত আহিল আৰু সেই চিঙৰা দোকানীজনৰ ওচৰলৈ গল আৰু তেওঁ নিস্বাৰ্থ ভাবে চিঙৰা খাব দিয়াৰ বাবে ধন্যবাদ জনাই।

নীতি শিক্ষা:
এই কথাবোৰে এটা কথা প্ৰমাণ কৰে যে খুব কম সংখ্যক লোকেহে আপোনাক নিস্বাৰ্থ ভাবে ভাল পায়। তাৰ বিপৰীতে আপোনাৰ টকা আৰু পদবীটোকহে ভাল পায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *