...

উজনি অসমৰ চকু চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা

উজনি অসমৰ চকু চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা

চাইন অন ডেস্ক,৮জুন:

ডিব্ৰুগড়স্থিত দৃষ্টি নেত্ৰালয়ত প্ৰথমবাৰৰ বাবে উজনি অসমত প্ৰস্থেটিক আইৰিছ-IOL ইমপ্লান্ট সফলভাৱে সম্পন্ন কৰা হৈছে।

আঘাতৰ ফলত চকুৰ সকলো আইৰিছ টিছ্যু হেৰুৱাই জটিল কেটাৰেক্টত ভুগি থকা এজন ৰোগীক এই উন্নত অস্ত্ৰোপচাৰ কৰা হয়। অস্ত্ৰোপচাৰটো সফলভাৱে সম্পন্ন কৰে Dr. Ramesh Kumar Agarwalla, Dr. Isha Agarwalla আৰু Dr. Chintan Desaiৰ দলটোৱে।

এই সফলতাই উজনি অসমত উন্নত চকু চিকিৎসাৰ নতুন অধ্যায় আৰম্ভ কৰিলে আৰু জটিল চকুৰ আঘাতপ্ৰাপ্ত ৰোগীসকলক এতিয়া স্থানীয়ভাৱে বিশ্বমানৰ চিকিৎসা লাভ কৰাৰ সুযোগ প্ৰদান কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *