ডিব্ৰুগড়ত শিলপনীয়া বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সম্বৰ্ধনা অনুষ্ঠান
চাইন অন ডেস্ক,৮ জুনঃ
”শিক্ষকে ছাত্ৰ-ছাত্ৰীক ২৫ শতাংশ শিক্ষাহে দিব পাৰে৷ বাকী ৭৫ শতাংশ জ্ঞানেই বন্ধু-বান্ধৱ, অভিভাৱক,সমাজ তথা অন্যান্য উৎসৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে নিজে আহৰণ কৰিব লগা হয়৷ শিক্ষাৰ্থী জীৱনত কেতিয়াও আৰাম কৰাৰ কথা ভাৱিব নালাগে৷ নিজৰ লক্ষ্যত উপনীত হ’বলৈ সঠিক পৰিকল্পনাৰে সৎ পথেৰে আগবাঢ়িব লাগিব৷ লক্ষ্যৰ পৰা কেতিয়াও বিচলিত হ’ব নালাগে৷ এনে কৰিলেহে ছাত্ৰ-ছাত্ৰীসকল কৃতকাৰ্য হ’ব পাৰিব৷” ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ
ড° জয়দেৱ গগৈয়ে ৭ জুনত ডিব্ৰুগড় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এইদৰে কয়৷ অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ এটা উল্লেখযোগ্য বংশ ‘শিলপনীয়া বংশৰ কেন্দ্ৰীয় সমিতি’ৰ উদ্যোগত অনুষ্ঠিত বংশটোৰ অন্তৰ্গত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ উচ্চতৰ মাধ্যমিক চূড়ন্ত আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰেৰণা তথা অভিনন্দন জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এনেদৰে এক মনোগ্ৰাহী বক্তব্য আগবঢ়ায় অধ্যক্ষগৰাকীয়ে৷ শিলপনীয়া বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইন্দ্ৰজিত শিলপনীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম মটক পৰিষদৰ সভাপতি উদয় শংকৰ মহন, জ্যেষ্ঠ সাংবাদিক-লেখক ৰতন হাজৰিকা, ৰাতুল বুঢ়াগোহাঁই, শিক্ষক মৃদুল পাত্ৰ, খুবেন পাত্ৰ, দীপামণি বৰগোহাঁই, ৰঞ্জন গগৈ, যুৱ ব্যৱসায়ী-লেখক প্ৰাঞ্জল পাত্ৰই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তৃতা প্ৰদান কৰে৷ শিলপনীয়া বংশাৱলী সমিতিৰ উপদেষ্টা চন্দ্ৰকান্ত শিলপনীয়া, তুলাৰাম শিলপনীয়া, মণিক শিলপনীয়া, দিপুল শিলপনীয়া, কল্পনা শিলপনীয়া, ডলী বুঢ়াগোহাঁই শিলপনীয়া, ৰাতুল বৰুৱা, তৰুণ শিলপনীয়াকে আদি কৰি শতাধিক গণ্যমান্য ব্যক্তি উপস্থিত আছিল৷ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আৰু শলাগ জ্ঞাপন কৰে বংশাৱলী সভাৰ কেন্দ্ৰীয় সম্পাদক দিব্যজ্যোতি গগৈয়ে৷ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ৯ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক গামোচা, অভিনন্দন পত্ৰৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপযোগী
এক বিশেষ উপহাৰ প্ৰদান কৰে উদ্যোক্তাসকলে। আনহাতে চিৰিংচাপৰি নিৱাসী শিক্ষয়িত্ৰী দীপামণি বৰগোহাঁয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলক একোডাল কলম উপহাৰ হিচাপে আগবঢ়ায়। অনুষ্ঠানত কেইবাটাও নৃত্য, আধুনিক গীত আৰু বিহু প্ৰদৰ্শন কৰে বংশটোৰ উদীয়মান ছাত্ৰ-ছাত্ৰীয়ে।
Like this:
Like Loading...