...

ডিব্ৰুগড় পদুম নগৰ মহিলা সমিতিৰ অধিবেশন সম্পন্ন

ডিব্ৰুগড় পদুম নগৰ মহিলা সমিতিৰ অধিবেশন সম্পন্ন

কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

চাইন অন ডেস্ক,৮জুন:

ডিব্ৰুগড়ৰ অন্যতম উদ্যোগী মহিলা সংগঠন পদুম নগৰ মহিলা সমিতিৰ ২০২৫-‘২৬ বৰ্ষৰ বাৰ্ষিক অধিবেশন যোৱা ৭ জুন তাৰিখে দিনযোৰা কাৰ্যসূচীৰে সমিতিৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সমিতিৰ সভানেত্ৰী ৰীণা চমুৱাই। সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা আৰু বিগত বৰ্ষৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদিকা ভাৰতী সেনাপতিয়ে। মুকলি সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতকাৰ্যতাৰে উৰ্ত্তীণ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে সুক্ষাতিৰে পি এইচ ডি ডিগ্ৰী লাভ কৰা অনন্যা জ্যোতি গগৈকো বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানতে প্ৰয়াত ৰেবতী হাজৰিকা দাসৰ সোঁৱৰণত স্বামী বিনোদ দাসেও কৃতি ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।সমিতিৰ অন্যতম বিষয়ববীয়া লুপিকা গগৈয়ে আঁত ধৰা অনুষ্ঠানটোৰ মুকলি সভাত টিকেন্দ্ৰজিৎ গগৈ, নিৰলা গগৈ ৰাজখোৱা, দিলীপ ভৰালী, বিনোদ দাস, কাঞ্চণ বৰুৱা, দীপাংকৰ বৰা আদিয়ে ভাষণ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *