দুৰ্গা পূজাত সকলো চাহ বাগিচাতে ২০ শতাংশ বোনাচৰ দাবী আটছাৰ
চাইন অন ডেস্ক,১৭ ছেপ্টেম্বৰ:
আগন্তুক পবিত্ৰ দুৰ্গা পূজাৰ পূৰ্বে অসমৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলৰ বোনাচৰ ইছ্যু লৈ এইবাৰ সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা।সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে এক বিবৃতিত স্পষ্ট কৰি দিয়ে যে ব্যক্তিগত খণ্ড আৰু বৃহৎ কোম্পানীৰ অধীনস্থ সকলো চাহ বাগিচাতে শ্ৰমিকসকলক বাধ্যতামূলকভাৱে ২০ শতাংশ বোনাচ প্ৰদান কৰিব লাগিব ।শ্ৰমিকৰ তেজ-ঘামেৰে জিলিকি থকা চাহ উদ্যোগটোৰ মালিকে লাভৰ অজুহাত দেখুৱাই কোনো কাৰণতে শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ খৰ্ব কৰাটো আটছাই কেতিয়াও সহ্য নকৰে।শেহতীয়াভাৱে বাতৰিবকাকতত প্ৰকাশ পোৱা বাতৰি অনুসৰি হালমাৰী-দুলীয়াবাম চাহ বাগিচাকে ধৰি মেঘা, তিলৈজান, ডিকচাম, ঔফুলীয়া আৰু কৃষ্ণ বিহাৰীৰ দৰে কেইবাখনো আগশাৰীৰ

