...

মাছৰ সহায়ত সমুদ্রত চীনৰ চোৰাংচোৱাগিৰি ?

মাছৰ সহায়ত সমুদ্রত চীনৰ চোৰাংচোৱাগিৰি ?

সোণালী ড্রেগন মৎস্যৰে বিশ্বত নতুন প্রযুক্তিৰ চমক !

বেইজিং,১৬ছেপ্টেম্বৰ:

প্রথম দৃষ্টিত পানীত এটা সুন্দৰ সোণালী মাছ সাঁতুৰি থকা যেন লাগে। কিন্তু আৰু অধিক ওচৰলৈ গৈ নিৰীক্ষণ কৰিলে দেখা যাব যে এইবিধ মাছ কোনো প্রাকৃতিক সৃষ্টি নহয়। বৰঞ্চ চীনৰ এক নতুন চমক। বেইজিঙৰ চোংগাং পাৰ্কত অনুষ্ঠিত চাইনী ইণ্টাৰনেচনেল ফেয়াৰ ফৰ ট্রেড ইন ছার্ভিচেছ-২০২৬ শীর্ষক প্রদর্শনীত কৃত্রিম জলাশয়ত সাঁতুৰি থকা এটা নতুন সোণালী মৎস্যই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে। বি জি-৫ নামৰ এই সোণালী ড্ৰেগন মৎস্যৰ জৰিয়তে চীনৰ সমুদ্ৰত চোৰাংচোৱাগিৰি কৰিবলৈ নতুন প্রযুক্তিৰ উদ্ভাৱন কৰিছে। লক্ষণীয় যে এই ৰবট মৎস্যবিধ সমুদ্ৰৰ গ’ল্ডেন অৰ’ভানা মাছৰ হুবহু নকল। এই ৰবট মৎস্যবিধৰ কোনো ফিছা বা প্রপেলাৰৰ ব্যৱস্থা নাই। বৰঞ্চ এইবিধ মাছে এটা প্রাকৃতিক মৎস্যৰ দৰে সাঁতুৰিব পাৰে। উল্লেখযোগ্য যে সচৰাচৰ ৰবট মৎস্যত প্ৰগ্ৰেমৰ জৰিয়তে চলাচল কৰাব পাৰি। কিন্তু চীনে তৈয়াৰ কৰা এইবিধ মৎস্যই বাধা পালেই গতিপথ সলনি কৰে। সমুদ্ৰৰ পাঁচ মিটাৰ গভীৰতালৈ গৈ প্রতি ছেকেণ্ডত ০.৬ মিটাৰ বেগেৰে যাব পৰা এইবিধ সোণালী মৎস্যই অচিৰেই সমুদ্র যুদ্ধত চীনৰ নৌ সেনাবাহিনীৰ বাবে অন্যতম শক্তি হিচাপে বিবেচিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *