...

৯ম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে পুষ্টিকৰ খাদ্যাভ্যাস-স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ গুৰুত্ব সম্পৰ্কে সজাগতা

৯ম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে

পুষ্টিকৰ খাদ্যাভ্যাস-স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ গুৰুত্ব সম্পৰ্কে সজাগতা

চাইন অন ডেস্ক,১৬ছেপ্তেম্বৰ:

৯ম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে ডিব্ৰুগড়ৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলাৰ সকলো ব্লকতে সমাজৰ মাজত খাদ্যৰ বৈচিত্ৰ্য (Dietary Diversity), পুষ্টিকৰ খাদ্যাভ্যাস আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীসমূহত অংগনৱাড়ী কেন্দ্ৰত সতেজ গৰম ৰন্ধা আহাৰ প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে স্থানীয়ভাৱে উপলব্ধ বিভিন্ন পুষ্টিকৰ খাদ্য সামগ্ৰী প্ৰদৰ্শন আৰু প্ৰটিন সমৃদ্ধ তথা বৈচিত্ৰ্যপূৰ্ণ খাদ্য গ্ৰহণৰ প্ৰতি উৎসাহিত কৰা হয়। লগতে অংগনৱাড়ী কৰ্মী আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলে হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ পুষ্টি পৰামৰ্শ প্ৰদান কৰাৰ লগতে মাতৃ আৰু পৰিয়ালসমূহৰ মাজত শিশুৰ উপযুক্ত খাদ্য গ্ৰহণ, শিশুৰ যত্ন আৰু স্বাস্থ্যকৰ খাদ্যাভ্যাস সম্পৰ্কে সজাগতা সৃষ্টি কৰে। সমাজভিত্তিক এই পদক্ষেপসমূহে ICDS কৰ্মী, অংগনৱাড়ী কৰ্মী, হিতাধিকাৰী আৰু সমাজৰ সদস্যসকলৰ সামূহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে, যাৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ পুষ্টিৰ ফলাফল উন্নত কৰি এখন সুস্থ আৰু পুষ্টিগতভাৱে সবল সমাজ গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *