...

বর্ষাক বিদায় দি ধৰাৰ বুকুলৈ আকৌ আহিছে শৰত

বর্ষাক বিদায় দি ধৰাৰ বুকুলৈ আকৌ আহিছে শৰত

শৰতৰ উমান পায় শুভ্ৰ দলিচাৰে ভৰিছে কঁহুৱা
চাৰিকড়ীয়াৰ নদীৰ পাৰত শাৰী শাৰীকৈ ফুলিছে কঁহুৱা

পুলকজ্যোতি বৰা, ঢকুৱাখনা,১৬ ছেপ্টেম্বৰ:

বর্ষাক বিদায় দি ধৰাৰ বুকুলৈ আকৌ আহিছে শৰৎ।শৰতক আদৰিবলৈ শুভ্ৰ আঁচল মেলি দিছে প্ৰকৃতিয়ে।কঁহুৱাৰ শুভ্ৰ আঁচলত ধৰি আগুৱাই আহিছে ঋতুৰাণী শৰৎ।শৰতৰ আগমনৰ বতৰা বিলাই নীলা আকাশৰ তলত নাচিছে শুভ্ৰ কঁহুৱাই।নিজান নদীৰ পাৰটোতো হালিজালি শাৰী শাৰীকৈ শুভ্ৰ আঁচল উৰুৱাই ফুলিছে অসংখ্য কঁহুৱা।শৰতৰ আগমনৰ লগে লগেই আৰম্ভ হয় উৎসৱৰ বতৰ।উৎসৱ আগমনৰ বার্তাত মন-প্ৰাণ হৰি নিয়াৰ সময় এয়া। বৰ্ষাক্ত মনটোক অশান্ত কৰিবলৈ যেন আকৌ ফুলিছে কঁহুৱা। নৈ-জান-জুৰিৰ কাষে কাষে ফুলি উঠিছে শাৰী শাৰী কঁহুৱা।শুভ্ৰ কঁহুৱাৰ দৃষ্টিনন্দন শোভাই হাতবাউলি মাতিছে সকলোকে।কঁহুৱা ফুলৰ এই নয়নাভিৰাম দৃশ্যই যেন মানুহৰ মনলৈও কঢ়িয়াই আনিছে নতুন সম্ভাৱনা।ঢকুৱাখনাৰ চাৰিকড়ীয়াৰ নদীৰ পাৰত এক বিস্তৃৰ্ণ এলেকা জুৰি ফুলিছে অসংখ্য কঁহুৱা।বতাহত হালিজালি থকা কঁহুৱাৰ এই দৃষ্টিনন্দন দৃশ্যই এতিয়া মন্ত্ৰমুগ্ধ কৰিছে সকলোকে। প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ সুধাপান কৰিবলৈ সমবেত হৈছে বহু লোক।এছাটি বতাহত হালিজালি নাচি থকা কঁহুৱাৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰি আপ্লুত বহুজন।কঁহুৱাৰ শুভ্ৰতাত ক্ষন্তেকৰ বাবে বিলীন হৈ গৈছে সকলো৷এপলক নয়ন ভৰাই উপভোগ কৰিছে নীলা আকাশৰ তলত হালি জালি নাচি থকা কঁহুৱাৰ সৌন্দৰ্য৷কঁহুৱাৰ নয়নভিৰাম দৃশ্যই আনিছে নতুনৰ সম্ভাৱনা।যেন নীলা আকাশৰে মৰমৰ ধেমালি শুভ্ৰ কঁহুৱাৰ।শুভ্ৰ আঁচল মেলি দিয়া কঁহুৱাৰ মাজত আকৌ কোনোৱে উঠিছে চেল্ফি।প্ৰকৃতিৰ কোলাত বহি আপোনভোলা হৈ পৰিছে কোনোজন।নৈৰ পাৰৰ কঁহুৱাই হয়তো অশান্ত কৰিছে বহুতৰে মন।কঁহুৱাৰ শুভ্রতাই পাহৰাই পেলাইছে সকলোৰে দুখ, ক্লান্তি, অৱসাদ। কঁহুৱাই আচলতে সকলোকে মনত পেলাই দিছে শৰতৰ আগমনীৰ কথা।শুভ্ৰ কঁহুৱাৰ আচ্ছাদনে প্ৰতিজনৰে মনলৈ নমাই আনিছে গভীৰ শীতলতা। কঁহুৱা ফুলৰ নয়নাভিৰাম দৃশ্যই যেন মানুহৰ মনলৈও কঢ়িয়াই আনিছে নতুন সম্ভাৱনা। এনেদৰেই এতিয়া শৰতৰ আগমনত কঁহুৱা ফুলৰ শুভ্ৰতাই পুলকিত কৰিছে সকলোৰে মন-প্ৰাণ।

Leave a Reply

Your email address will not be published. Required fields are marked *