...

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান

টুপামাৰীত গ্ৰেপ্তাৰ দুই, কেবালাখ নগদ ধন,বেংক পাছবুক,এটিএম কাৰ্ড,অলংকাৰ জব্দ

নগৰবেৰা,১৬ছেপ্তেম্বৰ:

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ জোৰদাৰ অভিযান।নগৰবেৰাৰ টুপামাৰীত পুণৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যোৱানিশা আৰক্ষীৰ এক অতৰ্কিত অভিযান চলে।
হানিফ আলী আৰু ৰফিকুল ইছলাম নামৰ দুজনক গ্ৰেপ্তাৰ,দুয়ো স্থানীয় বেংক চিএছপি ৰ স্বত্বাধিকাৰী।
হানিফ আলীৰ পৰা জব্দ নগদ ৭ লাখ ২৫ হাজাৰ টকা জব্দ কৰাৰ উপৰি বিভিন্ন বেংকৰ পাছবুক,এটিএম কাৰ্ড, সোণৰ অলংকাৰ আদিও জব্দ কৰে আৰক্ষীয়ে।একেদৰে ৰফিকুলৰ চিএছপি’ ত চালাচী চলাই ৬৯ খনকৈ এটিএম কাৰ্ড ’
৬৩ খন বেংক পাচবুক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটিয়ে।বকো-ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ নেতৃত্বত নগৰবেৰা আৰু টুপামাৰী আৰক্ষীয়ে চলায় এই অভিযান।উল্লেখ্য যে দুদিনৰ পূৰ্বে আৰক্ষীয়ে অনুৰূপ এক অভিযান চলাই ছানোৱাৰ হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ৯৩ লাখ টকা, বেংক পাছবুক,উজালা গেছ’ৰ কাৰ্ড,বলেৰ’ বাহন,বুলেট আৰু বুজন পৰিমাণৰ সোণৰ অলংকাৰ জব্দ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *