ৰয়েল এনফিল্ডৰ “ৱান ৰাইড ২০২৬”
৬০ খন দেশত ১,৬০০ৰ অধিক ৰাইড
নতুন দিল্লী,১৬ছেপ্তেম্বৰ:
অহা ২০ ছেপ্টেম্বৰত বিশ্বৰ হেজাৰ ৰাইডাৰে অংশগ্রহণ কৰিব ৰয়েল এনফিল্ডৰ ৱান ৰাইডত। এই ৱান ৰাইড হৈছে বিশ্বব্যাপী ৰয়েল এনফিল্ডৰ পিউৰ মটৰ চাইকেলিঙৰ বার্ষিক উদ্যাপন। ২০১১ চনৰ পৰা ৰান ৰাইডে একেদিনাই দেশে-মহাদেশে ৰাইডাৰসকলক একত্ৰিত কৰি আহিছে আৰু ৰাইডিঙৰ সবল আনন্দৰে সকলোকে একেলগে বান্ধি ৰাখিছে। এই বছৰ ৰয়েল এনফিল্ডে ১২৫ বর্ষপূর্তি উদ্যাপনেৰে এই যাত্রা ৬০ খন দেশত ১,৬০০ ৰো অধিক ৰাইড সামৰি ল’ব। ই হৈছে মটৰ চাইকেল চলোৱাৰ প্রতি থকা একেধৰণৰ আকৰ্ষণৰ দ্বাৰা গঢ় লৈ উঠা এক বিশ্বব্যাপী সমাবেশ আৰু ২০২৬ চনৰ বাবে সেই যাত্রাসমূহ সম্ভৱ কৰি তোলা ঠাইসমূহৰ প্রতি এক গভীৰ দায়িত্ব। ‘এভ্রি ৰাইডাৰ, এভ্ৰি ৰোড, ৱান মিছন’ আহ্বানৰ অধীনত ৱান ৰাইড ২০২৬ উচ্চ পর্বতমালাৰ এটা প্রধান প্রজাতি আৰু প্রাকৃতিক দৃশ্যৰ এক চিৰস্থায়ী প্রতীক স্নো লিঅ’পার্ড অর্থাৎ বৰফৰ নাহৰফুটুকীৰ প্ৰতি উৎসর্গিত কৰা হৈছে। হিমালয় হৈছে ৰয়েল এনফিল্ডৰ আধ্যাত্মিক ঘৰ, য’ত প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি ৰাইডাৰে অন্বেষণ কৰি আহিছে আৰু ইয়াৰ মটৰ চাইকেল চলোৱা সংস্কৃতিৰ কেন্দ্ৰবিন্দু। পাহাৰৰ সৈতে থকা সম্পৰ্ক মানে হৈছে ইয়াৰ সংৰক্ষণত সহায় কৰাৰ দায়িত্ব আৰু এই কথা স্বীকাৰ কৰিয়ে ৱান ৰাইড ২০২৬ ত অংশগ্রহণ কৰা প্ৰতিজন ৰাইডাৰে ৰয়েল এনফিল্ডে বৰফৰ নাহৰফুটুকী সংৰক্ষণৰ দিশত অৱদান আগবঢ়াব। ৱান ৰাইড ২০২৬ ত অংশগ্রহণ কৰিবলৈ https://royalenfield.com/onerideত পঞ্জীয়ন কৰিব পাৰিব।