...

নগৰবেৰাৰ কল্যাণপুৰত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

নগৰবেৰাৰ কল্যাণপুৰত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

বুজন পৰিমাণৰ আপত্তিজনক নথি,বাহন জব্দ

নগৰবেৰা,১৮ছেপ্তেম্বৰ:

নগৰবেৰাৰ কল্যাণপুৰত বকো-ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জানকিশোৰ গগৈ(APS)ৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যোৱানিশা এক অতৰ্কিত অভিযান চলে।
বুজন পৰিমাণৰ বেংকৰ নথি-পত্ৰ আৰু বিত্তীয় সা-সামগ্ৰী সহ গাঁৱখনৰ শকৰ দাসৰ পুত্ৰ দীপাংকৰ দাস নামৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।অভিযানত বিভিন্ন বেংকৰ পাছবুক, চেকবুক,এটিএম কাৰ্ড, এখন মহিন্দ্ৰা থাৰ বাহন, মোবাইল ফোনৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।টুপামাৰী আৰক্ষী চকীৰ উপপৰিদৰ্শক চম্পক কলিতা সহ ভালেসংখ্যক আৰক্ষী ও অভিযানকালত উপস্থিত থাকে।নগৰবেৰা আৰক্ষী থানাৰ ৬২/২০২৬ নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় দীপাংকৰ দাসক।
বিভিন্ন বেংকৰ ১৪ খনকৈ চেকবুক, য’ত ২৭ টাকৈ পৃষ্ঠাত বিভিন্ন লোকে চহী কৰাও আছে।১৪ খনকৈ বিভিন্ন গ্ৰাহকৰ এটিএম/ডেবিট কাৰ্ড,বিভিন্ন লোকৰ ১৫ খনকৈ বেংক পাছবুক,
৪ টাকৈ বেংক একাউণ্টৰ সবিশেষ, প্ৰিণ্টাৰ,জেৰক্স মেচিন,১৪ খনকৈ পিএমইউওৱাই কাৰ্ড,২ টা আইচিআইচি বেংকৰ কিউআৰ ক’ড/ইউপিআই মাৰচেন্ট ক’ড,১ টা পাইন লেব কাৰ্ড-চুইপিং মেচিন,
১ টা আইফোন ১৭ কে লৈ ৩ টাকৈ মোবাইল ফোন, এখন মহিন্দ্ৰা থাৰ বাহন আৰু বাহনৰ চাবি নথি-পত্ৰ বোৰ
,কেচ মেম’ সহ আই টি ৰেক্স এয়াৰ চাইকেল,এছ এন কন্সট্ৰাকচন আৰু আৰ আৰ এণ্টাৰপ্ৰাইজ আৰু ইউনিক অট’মোবাইলৰ নামত তিনিটাকৈ ৰাবাৰ ষ্টাম্প, দুখনকৈ পানকাৰ্ড আৰু বেংকৰ বিভিন্ন

লেনদেনৰ নথিপত্ৰ জব্দ কৰে আৰক্ষীৰ দলটিয়ে।উল্লেখ্য যে পূৰ্বেও দীপাংকৰ দাস পল্টনবজাৰ আৰক্ষী থানাৰ ১১/২০২৫ নং চাইবাৰ গোচৰত মোবাইল,লেপটপ সহ ধৰা পৰা বুলিও আৰক্ষী সূত্ৰে প্ৰকাশ।জব্দ কৰা সকলোবোৰ সামগ্ৰী চাইবাৰ অপৰাধৰ সতে সাম্ভাৱ্য সম্পৰ্ক থকাৰ অনুমানত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *