...

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত ‘২৬-‘২৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত ‘২৬-‘২৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন

সভাপতি নীলভ ঘৰফলীয়া

সম্পাদক মিণ্টু চেতিয়া নিৰ্বাচিত

চাইন অন ডেস্ক,১৮ছেপ্তেম্বৰ:

ডিব্ৰুগড়ৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান কানৈ বাণিজ্য মহাবিদ্যালয়ত ২০২৬-২৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। ছাত্ৰ একতা সভাৰ মুঠ ১১টা পদৰ ভিতৰত ৮টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। যোৱা বৰ্ষৰ দৰেই এইবাৰো দেমহাবিদ্যালয়ৰ নিজা ছফ্টৱেৰ ডেভেলপাৰ ‘ফিনিস্কীয়া ডেডিকেচন’ৰ দ্বাৰা প্ৰস্তুত কৰা ‘ফিনলেক্ট্ৰা’ ছফ্টৱেৰৰ জৰিয়তে ইলেক্ট্ৰনিক পদ্ধতিত নিৰ্বাচন অনুষ্ঠিত হয়। এই ডিজিটেল পদ্ধতিৰ জৰিয়তে ভোটগ্ৰহণ আৰু ফলাফল প্ৰকাশৰ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতাৰে সম্পন্ন হয়। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মোবাইল ফোনৰ জৰিয়তেও নিৰ্বাচনৰ ফলাফল চাব পৰা ব্যৱস্থা আছে। ইলেক্ট্ৰনিক পদ্ধতিৰ জৰিয়তে মাত্ৰ ১৫ মিনিটৰ ভিতৰতে ফলাফল ঘোষণা কৰা হয়। ফলাফল অনুসৰি সভাপতি পদত নীলভ ঘৰফলীয়া, উপ-সভাপতি পদত প্ৰাচুৰ্য ডাঙৰীয়া, সাধাৰণ সম্পাদক পদত মিন্টু চেতিয়া আৰু সহকাৰী সাধাৰণ সম্পাদক পদত ইমণ দহোতিয়া নিৰ্বাচিত হয়। ইয়াৰোপৰি বিভিন্ন বিভাগৰ সম্পাদক আৰু সম্পাদিকা পদত পুলক ভূঞা (ছাত্ৰ জিৰণি কোঠা), তুষাৰ বৰুৱা (শৰীৰ চৰ্চা সম্পাদক), মন্দিপ বৰা (সাংস্কৃতিক আৰু ছাত্ৰ কল্যাণ সম্পাদক) আৰু প্ৰীয়ংগণা শইকীয়া (ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা) নিৰ্বাচিত হয়। সংগীত সম্পাদক পদত অভ্ৰনীল শইকীয়া, আলোচনী সম্পাদক পদত কৰবী পাণিফুকন আৰু ক্ৰীড়া সম্পাদক পদত হাৰ্ডিক শৰ্মা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। নিৰ্বাচন প্ৰক্ৰিয়াত মহাবিদ্যালয়ৰ বাংলা বিভাগৰ মুৰব্বী সহযোগী অধ্যাপক ড° স্বপ্না নাথ ৰিটাৰ্নিং অফিচাৰৰ হ দায়িত্বত থাকে। হিচাপবিদ্যা বিভাগৰ সহকাৰী অধ্যাপক ড° জেকব কোঁৱৰ আৰু মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিকা সংগীতা গগৈ শেনচোৱাই নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে থাকে।নিৰ্বাচন প্ৰক্ৰিয়া সুকলমে সম্পন্ন হোৱাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈয়ে সকলো শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *