কামৰূপৰ নগৰবেৰাস্থ ছমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ ৩০ নং পিজুপাৰা জামলাই কল্যাণপুৰ গাঁও পঞ্চায়তত আজি এক উত্তপ্ত পৰিস্থিতিৰ উদ্ৰেক ঘটে ।খেল অনুষ্ঠিত কৰাৰ বাবে আৰ্থিক সাহায্য বিচাৰি পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হোৱা স্থানীয় যুৱকৰ দল আৰু পঞ্চায়তৰ সভানেত্ৰীৰ মাজত সৃষ্টি হোৱা বাক বিতণ্ডাই পাছলৈ তীব্ৰ উত্তেজনা বিয়পায়।ঘটনাস্থলীত নগৰবেৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। প্ৰাপ্ত খৱৰ অনুসৰি স্থানীয় এক খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আৰ্থিক বৰঙনি বিচাৰি পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হৈছিল স্থানীয় যুৱকৰ দল ।অভিযোগ অনুসৰি, বৰঙনি প্ৰদানক কেন্দ্ৰ কৰি ইয়াৰে যুৱক এজন আৰু পঞ্চায়তৰ সভানেত্ৰীৰ মাজত প্ৰথমে তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয়। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত দুই পক্ষৰ মাজত হাতাহাতি পৰ্যন্ত সংঘটিত হয় বুলি অভিযোগ উত্থাপিত হৈছে।ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে পঞ্চায়ত কাৰ্যালয়ত স্থানীয় ৰাইজৰ ভিৰ হয়। উত্তেজিত ৰাইজে ঘটনাটোৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পঞ্চায়তৰ কাৰ্যপদ্ধতি সন্দৰ্ভতো বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। কিছু সময়ৰ বাবে পঞ্চায়ত চৌহদত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু স্বাভাৱিক কাৰ্যকলাপ ব্যাহত হৈ পৰে।অৱশেষত আৰক্ষীৰ হস্তক্ষেপতহে পৰিস্থিতি নিয়ন্ত্ৰণাধীন হয়।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.