...

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল ফকিৰগঞ্জৰ ঐতিহ্যমণ্ডিত জামে মছজিদ

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল ফকিৰগঞ্জৰ ঐতিহ্যমণ্ডিত জামে মছজিদ

সৰ্বস্ব হেৰুৱাই দিশহাৰা শ শ পৰিয়াল

মানকাচ,১০মে’:

দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী জিলাৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কালৰূপ অব্যাহত আছে। আজি সকলোৰে চকুৰ সন্মুখতে ফকিৰগঞ্জৰ ধাপানপাৰা জামে মছজিদটো সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে খহনীয়াৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে যে মছজিদটো নিমিষতে নদীৰ বুকুত বিলীন হৈ পৰে, যাৰ দৃশ্য কেমেৰাত আবদ্ধ হয়।
অকল এই ধৰ্মীয় অনুষ্ঠানটোৱেই নহয়, অঞ্চলটোত অব্যাহত থকা এই ভয়ংকৰ গৰাখহনীয়াৰ ফলত এতিয়ালৈকে শ শ পৰিয়ালৰ বাসগৃহ, কৃষিভূমি আৰু ভিটা-মাটি নদীৰ বুকুত জাহ গৈছে। যাৰ ফলত নৈপৰীয়া ৰাইজ এতিয়া সৰ্বহাৰা হৈ পৰিছে। মুকলি আকাশৰ তলত আশ্ৰয় ল’বলগীয়া হোৱা এই লোকসকলৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
স্থানীয় ৰাইজে ক্ষোভেৰে প্ৰকাশ কৰা মতে, খহনীয়াৰ স্থায়ী সমাধানৰ বাবে বাৰম্বাৰ চৰকাৰ আৰু প্ৰশাসনক দাবী জনাই অহাৰ পিছতো কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি তেওঁলোকৰ এই দুৰ্দশা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা শীঘ্ৰে উপযুক্ত সকাহ আৰু খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ভুক্তভোগী সৰ্বহাৰা পৰিয়ালসমূহে।

Leave a Reply

Your email address will not be published. Required fields are marked *