ধুবুৰীৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক সংগঠন নৃত্যাঙ্গনৰ উদ্যোগত যোৱাকালি বৰ্ণাঢ্য এক সাংস্কৃতিক অনুষ্ঠানেৰে ধুবুৰীত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ তম জন্ম-জয়ন্তী উদযাপিত হয়। সংগঠনটোৰ ধুবুৰীৰ পাঁচমোৰস্থিত কাৰ্যালয়ত কবিগুৰুৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আজিৰ সেই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নৃত্যাঙ্গনৰ নৃত্য পৰিচালিকা অৰ্পিতা মুখোপাধ্যায়, সম্পাদক শিৱ শংকৰ কুণ্ডু, নৃত্য পৰিচালিকা অৰ্পিতা কৰ্মকাৰ আৰু সদস্যা সুস্মিতা দে-ই। ইয়াৰ পিছতে আৰম্ভ হোৱা সাংস্কৃতিক কাৰ্যসূচীত সংস্থাটোৰ সংগীত প্ৰশিক্ষক অৰ্পিতা মুখোপাধ্যায়ে পৰিবেশন কৰা ৰবীন্দ্ৰ সংগীতৰ অনুষ্ঠানে উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। আজিৰ এই কাৰ্যসূচীত নৃত্যাঙ্গনৰ শিশু আৰু কিশোৰ শিল্পীসকলে ৰবীন্দ্ৰ সংগীত, নৃত্য আৰু আবৃত্তি পৰিবেশনে উপস্থিত দৰ্শকসকলক মুগ্ধ কৰি তুলে। অন্তত জাতীয় সংগীত পৰিবেশনৰে আজিৰ এই বিশেষ কাৰ্যসূচীৰ সমাপণ ঘটে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.