পুলকজ্যোতি বৰা, ঢকুৱাখনা, ৯মে’ঃ চাৰিকড়ীয়াৰ নৈৰ পাৰৰ ম’হঘূলি চাপৰিত থিতাপি ল’লে অসমীয়া জাতীয় জীৱনৰ দুই মহানায়কে।এতিয়াৰ পৰা ম’হঘূলি চাপৰিত একেলগে থাকিব ‘সুধাকণ্ঠ’ আৰু ‘লুইত কণ্ঠ ‘আজি ঢকুৱাখনাৰ চাৰিকড়ীয়াৰ পাৰৰ ম’হঘুলি চাপৰিৰ ফাটবিহুলীত উন্মোচন হ’ল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি।
ভাস্কৰ শিল্পী চন্দন গগৈয়ে নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্তি দুটি উন্মোচন কৰে ক্ৰমে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জ্যোতিপ্ৰসাদ শইকীয়া আৰু বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই।
কাইলৈৰ কাৰ্য্যসূচীঃ
পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্রা। সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাই। দুপৰীয়া ১২ বজাত ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্রতিযোগিতা।শতাধিক বিহু দলে অংশগ্ৰহণ কৰিবলগীয়া মুকলি বিহু প্রতিযোগিতাখন উদ্বোধন কৰিব জ্যেষ্ঠ কৃতি বিহুৱা নিৰঞ্জন গগৈয়ে। বিয়লি ২ বজাৰ পৰা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা।অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মুকলি সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে বিশিষ্ট অতিথি হিছাপে অংশগ্ৰহন কৰিব লব।লোক সংস্কৃতিৰ গৱেষক ড° পুষ্প গগৈয়ে নিদিষ্ট বক্তাৰূপে উপস্থিত থাকিবলগীয়া মুকলি সভাখনত গিৰিজা নন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কন্দৰ্প দাস,অসম বিধানসভাৰ সচিব দুলাল পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে ধৰি আন কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব।