...

সোণতলীৰ বন্দেছ আলী মেম’ৰিয়েল একাডেমীৰ ছাত্ৰীক অপহৰণ

Spread the love

সোণতলীৰ বন্দেছ আলী মেম’ৰিয়েল একাডেমীৰ ছাত্ৰীক অপহৰণ

অপহৰণকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদী সমদল

গুৱাহাটী:

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীত কালি ছাত্ৰী অপহৰণকাৰীক গ্ৰেপ্তাৰৰ দাবীত বন্দেছ আলী মেম’ৰিয়েল একাডেমীৰ শিক্ষাৰ্থীসকলে শ্ৰেণী বৰ্জন কৰি এখন প্ৰতিবাদী সমদল উলিয়ায়৷ উল্লেখ্য যে গৰৈমাৰী বিলৰজান গাঁও নিবাসী তথা বন্দেছ আলী মেম’ৰিয়েল একাডেমীৰ পঞ্চম শ্ৰেণীৰ দুগৰাকী ছাত্ৰী ২২ অক্টোবৰত বিদ্যালয়ৰ পৰা ঘৰ অভিমূখে গৈ থকা অৱস্থাত নিৰুদ্দেশ হয়৷ ইপিনে সিদিনা ছাত্ৰী দুগৰাকীৰ অভিভাৱকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও দুয়োৰ কোনো সন্ধান উলিয়াব নোৱাৰাত নিৰুদ্দেশ সন্দৰ্ভত সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইপিনে সোণতলী আৰক্ষীয়ে অভিযান চলাই বৰপেটা ৰোডৰ পৰা এগৰাকী ছাত্ৰী উদ্ধাৰ কৰাৰ লগতে ৰেকিবুল নামৰ এটা অপহৰণকাৰী আটক কৰে যদিও এগৰাকী ছাত্ৰীৰ এতিয়লৈকে সন্ধান উলিয়াব পৰা নাই৷ জানিব পৰামতে সোণতলীৰ বন্দেছ আলী মেম’ৰিয়েল একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে আজি দুপৰীয়া হাতে-হাতে প্লেকাৰ্ড লৈ সমদল উলিয়াই শিশু অপহাৰণকাৰীক গ্ৰেপ্তাৰ কৰক, ছাত্ৰী অপহৰণকাৰীক শাস্তি দিয়ক, দোষীক কৰায়ত্ত কৰক, আমাৰ দাবী মানিবই লাগিব আদি শ্ল’গান দি আকাশ-বতাহ মুখৰিত কৰি তোলে৷ইপিনে প্ৰতিবাদী শিক্ষাৰ্থী সকলে আন এগৰাকী ছাত্ৰীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীক শাস্তি দিয়াৰ দাবী জনায়।আন এগৰাকী ছাত্ৰীক উদ্ধাৰ বাবে সোণতলী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *