...

অস্বাভাৱিক ভাৱে হ্ৰাস পাইছে বৰলুইতৰ জলস্তৰ!

Spread the love

অস্বাভাৱিক ভাৱে হ্ৰাস পাইছে বৰলুইতৰ জলস্তৰ!

ধুবুৰীত ভয়ংকৰ পৰিস্থিতি

ধুবুৰী: এক কালজয়ী গীতেৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই অসম আৰু আয়ুস ৰেখা ৰূপে অভিহিত কৰা বৰলুইতৰ ভৱিষ্যৎকলৈ সৃষ্টি হৈছে শংকাৰ। বিগত কিছু বছৰৰ পৰা জানুৱাৰী/ফেব্ৰুৱাৰী মাহত ধুবুৰীত নৈখনৰ জলস্তৰ অস্বাভাৱিক ভাৱে কমিব লৈছিল যদিও এইবাৰ অক্টোবৰ মাহতেই বৰলুইতৰ বুকুত দেখা গেছে অসংখ্য বালিৰ চৰ আৰু এয়া এক অশনি সংকেত বুলিয়েই কিন্তু বিবেচিত হৈছে। চিনৰ বৃহৎ নদীবান্ধ অথবা অৰুণাচলৰ গেৰুকামুখত নিৰ্মীয়মান নদী বান্ধৰ বাবেই হওক বা নহওক কিয়; ধুবুৰী এসময়ত ৮/১০ কিলোমিটাৰৰ বহল এই নদীখনে বৰ্তমানে ঠায়ে ঠায়ে ধাৰণ কৰিছে সুঁতি সদৃশ ৰূপ।

ইপিনে নৈখনৰ জলস্তৰ কমি অহাৰ ফলত স্বাভাৱিক ভাবে ধুবুৰীলৈ  দৈনিক অহা যোৱা কৰা বিভিন্ন চৰাঞ্চলৰ ৰাইজ সন্মুখীন হ’বলগীয়া  হৈছে চৰম অসুবিধাত।আনকি, বৰলুইতৰ নিম্নগামী জলস্তৰৰ বাবে আগলৈ ধুবুৰীৰ পঞ্চুঘাটৰ ভাৰতীয়
অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ নদীবন্দৰৰ পৰা বাংলাদেশৰ চিলমাৰীলৈ বৰলুইতেৰে চলা মালবাহী জলযান  চলাচলো বন্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ইপিনে, নৈখনৰ পানী কমি অহাৰ লগে লগে জীৱন আৰু জীৱিকা ৰূপে নিৰ্বাহ কৰা বৰলুইতৰ পাৰৰ হাজাৰ হাজাৰ নৈপৰীয়া লোকৰ স্বাভাৱিক জীৱন চক্ৰতো বাধাৰ সৃষ্টি কৰাটো এক আশংকাজনক দিশ বুলিয়েই কিন্তু বিবেচিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *