Skip to content জুবিন গাৰ্গৰ দেহৰক্ষীৰ ঘৰত অভিযান
পৰেশ বৈশ্যৰ ঘৰত এছ আই টি আৰু দূৰ্নীতি নিবাৰক শাখাৰ অভিযান
শুৱালকুছি:
জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্যৰ বংশৰস্হিত সস্তৰৰ ঘৰত আজি পুৱা ৯ বজাতে এছ আই টি আৰু মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখাৰ এটা ১২ জনীয়া দল উপস্থিত হৈ যুটীয়া ভাৱে অভিযান চলাই ঘৰত থকা সকলো নথি পত্ৰ আৰু সা সম্পত্তিৰ হিচাৱ লয় ৷ অভিযানৰ সময়ত দলটিয়ে পৰেশ বৈশ্যৰ ঘৰত লাভ কৰে বেংকৰ কেইবাখনো পাচবুক, মাটি ক্ৰয়ৰ কাগজ পত্ৰকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ নথি ৷ স্হানীয় গাওঁ প্ৰধান কেশৱ কলিতাই জানিবলৈ দিয়া অনুসাৰে অভিযানকাৰী দলটোৱে পৰেশ বৈশ্যই আয়তকৈ বেচি সা সম্পত্তি কৰিছে নেকী তাক উদ্দেশ্য কৰি এই অভিযান চলাইছে ৷ গাওঁ প্ৰধান গৰাকীয়ে পুনৰ কয় যে দেহৰক্ষী বৈশ্যই অলপতে ঘৰৰ সমীপতে একঠা ছয় লেচা মাটি ক্ৰয় কৰিছে ৷ ইয়াৰ নথিয়ো দলটিয়ে জব্দ কৰিছে ৷ আনহাতে কেইবাটিও বেংকত থকা একাউণ্টৰ বহী সমুহ জব্দ কৰিছে ৷ দলটিয়ে বেংকৰ লেনদেন সমুহো প্ৰত্যক্ষ কৰি কাৰ কাৰ লগত পৰেশ বৈশ্য আৰু পৰিয়ালটিয়ে একাউণ্টৰ জৰিয়তে ধনৰ আদান প্ৰদান কৰিছে তাকো পৰীক্ষা কৰিব বুলি অভিযানকাৰী দলটোৱে গাও প্ৰধান গৰাকীক অৱগত কৰে ৷ ইঞ্চুৰেঞ্চৰ নথি পত্ৰয়ো জব্দ কৰে দূৰ্নীতি নিবাৰণ শাখাই ৷ তেওঁলোকে পৰেশ বৈশ্যৰ বাসগৃহটিৰো জোখ মাফ কৰে ৷ অভিযানকাৰী দলটিয়ে জব্দ কৰা নথিৰ এটা কপি পৰিয়ালটিক দি থৈ যায় ৷ প্ৰায় ৩ ঘন্টা সময় অভিযান চলাই দলটি উভতি যায় ৷ প্ৰকৃততে আয়তকৈ তেওঁ বেছি পৰিমাণৰ সা সম্পত্তি বা টকা জমা ৰাখিছে নেকী তাক পৰীক্ষা কৰাৰ বাবেই দলটি দেহৰক্ষী গৰাকীৰ গৃহত উপস্থিত হয় ৷ অভিযানৰ সময়ত দেহৰক্ষী গৰাকীৰ পত্নী , পুত্ৰ আৰু জীয়ৰি উপস্থিত থাকে ৷