নগাঁৱৰ উৰিয়াগাঁৱত প্ৰথমখন জুবিন গাৰ্গ বিদ্যালয়ৰ শুভাৰম্ভ
জুবিন নিজেই এটা এছ,অ’ পি: জে পি দাস
নগাঁও, ২৫অক্টোবৰ:
অসমৰ প্ৰথমখন জুবিন গাৰ্গ বিদ্যালয়ৰ শুভাৰম্ভ হ’ল নগাওঁ জিলাৰ উৰিয়াগাঁৱত । “ৰৈ ৰৈ বিনালে”ৰ ট্ৰেইলাৰ মুকলিৰ পাছতে উৰিয়াগাঁৱত আজি মুকলি হ’ল “জুবিন গাৰ্গ সংগীত বিদ্যালয়”। এই উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত আয়োজন কৰা অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমনি নাথে । ইয়াৰ পিছতে “জুবিন গাৰ্গ সংগীত বিদ্যালয়”ৰ শুভ উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী জে.পি দাসে । পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰাগজ্যোতিষ বনিয়া আৰু উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শুভজিৎ গগৈয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উৰিয়াগাঁৱত প্ৰতিষ্ঠা কৰা “জুবিন গাৰ্গ সংগীত বিদ্যালয়”খনৰ যোগেদি ভৱিষ্যতে উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত সংগীত চৰ্চাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হʼব। এই বিদ্যালয়খনৰ জৰিয়তে ভাল গায়ক সৃষ্টি হোৱাৰ উপৰিও বাদ্যযন্ত্ৰৰ ক্ষেত্ৰতো ভাল বাদ্যযন্ত্ৰী আৱিষ্কাৰ কৰিব পাৰিব।
ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই আৰু কয় যে আমি গানৰ মাজেৰে জুবিন গাৰ্গৰ সৃষ্টিৰাজি ধৰি ৰাখিব লাগিব। জুবিন গাৰ্গে অসমৰ ৰাইজে বিচৰা ধৰণেই ন্যায় পাব,এইটো নিশ্চিত। জুবিন গাৰ্গৰ মৃত্যু উচিত তদন্ত হব লাগে বুলি বিধায়ক শৰ্মাই ভাষণত কৰি দোষীক আইনগতভাৱে উচিত শাস্তি বিহিব লাগে বুলি মন্তব্য কৰে। অনুষ্ঠানত কণ্ঠ শিল্পী কৃষ্ণমণি নাথে জনকণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাৰে স্মৰণ কৰি ভাষণ প্ৰসংগত যুৱ ছাত্ৰ পৰিষদে জুবিন গাৰ্গ সংগীত বিদ্যালয় স্থাপন কৰা প্ৰচেষ্টাক শলাগ লয়। অনুষ্ঠানত শিশু শিল্পী সকলে গায়ন-বায়ন, বিহুগীত পৰিবেশন আৰু বিশিষ্ট কন্ঠ শিল্পী জে.পি দাস,হিমাশ্ৰী দাস আৰু বিশাল কলিতাই গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। এই অনুষ্ঠানত গুৱাহাটী মেল’ডি অডিঅ’ হাউচৰ বিশাল কলিতা,নগাঁও জিলাৰ বিষয়া নম্ৰতা বৰা,শিল্পী আৰিফুল হক,বৰণ বিকাশ,প্ৰদীপ বৰা,সন্তোষ কলিতা,হিমাশ্ৰী দাস,শিক্ষাবিদ তথা বাদ্যযন্ত্ৰী কৃষ্ণ দুলাল বৰুৱা,গুণ দাস, ৰঞ্জিত বৰা,অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ চন্দ্ৰ বনিয়া,চিকিৎসক ডা: হেমন্ত কুমাৰ গোস্বামী,বায়ন কেশৱ গগৈ,বিহুশিল্পী চন্দ্ৰ শইকীয়া, অভিনেতা-পৰিচালক ৰাজেন ফুকন, সাংস্কৃতিক কৰ্মী জয়ন্ত গোস্বামী, পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্রবাল শৰ্মা,উপদেষ্টা দিগন্ত দাসকে ধৰি বহু লোক উপস্থিত আছিল। অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰাই আৰু শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক শুভজিৎ গগৈয়ে ।
অনুষ্ঠানৰ সাংবাদিকৰে হোৱা সাক্ষাতত শিল্পী জে.পি দাসে কয় যে অইনে বিচৰাৰ ধৰণে মইও জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰোঁ। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চৰকাৰে জাৰি কৰা এছ.অ.পি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংঙ্গীত শিল্পী জে.পি. দাসে কয় যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এছ. অ.পি. কৰিব নালাগে। জুবিন জুবিনেই । জুবিন নিজেই এটা এছ,অ’ পি। কোনো শিল্পীৰ কাৰণে এছ.অ’.পি জাৰি কৰিব নালাগে। শিল্পীৰ নিজৰ ফ্ৰী থাকে । নিজৰ মতে থাকে।