...

ৰাজনু বড়া টি টুৱেন্টি ক্ৰিকেট

ৰাজনু বড়া টি টুৱেন্টি ক্ৰিকেট

ক্ৰিকেট ক্লাৱ অৱ ডিব্ৰুগড় বিজয়ী

চাইন অন ডেস্ক,১জুন:

ডিব্ৰুগড় জালান আউটডৰ ষ্টেডিয়ামত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা ৰাজনু বড়া সোঁৱৰণী প্ৰাইজমানি টি টুৱেন্টি ক্ৰিকেট প্ৰতিযোগিতাত ক্ৰিকেট ক্লাৱ অৱ ডিব্ৰুগড় (চি চি ডি) বিজয়ী হয়। অনুষ্ঠিত হোৱা ফাইনেল খেলখনত চিচিডিয়ে ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰক ৬ উইকেটত পৰাস্ত কৰে। পুৱা ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰে টছত জিকি প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১২০ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক জায়ান য়াছিন আহমেদে সৰ্বাধিক ৩৫ ৰাণ , আজ্জাদ জলিলে ২৩ ৰাণ আৰু ৱাছিম বাব্বৰে ১৯ ৰাণ কৰে। চিচিডিৰ অধিনায়ক গুঞ্জন জ্যোতি ডেকাই ৩ টা উইকেট লাভ কৰে। ইয়াৰ পিছতে চিচিডিয়ে বেট কৰিবলৈ আহি গুঞ্জনৰ ৪৩ ৰাণ আৰু সম্ভৱ আগৰৱালাৰ অপৰাজিত ৪২ ৰাণৰ সহায়ত ১৮.১ অভাৰত ৪ উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। গুঞ্জন জ্যোতি ডেকাক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটাৰ, চাবুৱা নমস্য দলৰ স্পীনাৰ দীপক গোহাঁইক শ্ৰেষ্ঠ বলাৰ, কোচিং চেণ্টাৰৰ ৱাছিম বাব্বৰক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ, গুঞ্জন জ্যোতি ডেকাক ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পুৰস্কৃত কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, প্ৰাক্তন ৰাজ্যিক ক্ৰিকেটাৰ নীলম বৰুৱা আৰু অজিত হাজৰিকা, ট্ৰফীৰ দাতা ঋতুপৰ্ণ বড়া, জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত আৰু কোষধ্যক্ষ প্ৰণৱ সোনোৱাল উপস্থিত থাকি বঁটা সমূহ প্ৰদান কৰে। বিজয়ী দলে ট্ৰফীসহ নগদ ২৫ হেজাৰ টকা আৰু বিজিত দলে ট্ৰফীসহ নগদ ১৫ হেজাৰ টকা লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *