নগৰবেৰা আৰক্ষীৰ সফলতা
৯ টাকৈ মোবাইল উদ্ধাৰ কৰি গটালে গৰাকীক
নগৰবেৰা,২জুন:
শেহতীয়াকৈ চুৰি হোৱা অথবা হেৰোৱা সামগ্ৰী উদ্ধাৰৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে নগৰবেৰা আৰক্ষী।চলিত বৰ্ষৰ মে’ মাহত হেৰোৱা বুলি আৰক্ষীক অবগত কৰা মাত্ৰেই ক্ষীপ্ৰতাৰে অভিযান চলাই নগৰবেৰা আৰক্ষীয়ে মুঠ ৯ টাকৈ হেৰোৱা মোবাইল সংশ্লিষ্ট মোবাইলৰ গৰাকীক গটাই দিয়ে।এইক্ষেত্ৰত আৰক্ষী থানাৰ অ’চি হৰজিৎ দাস সমন্বিতে নগৰবেৰা আৰক্ষী থানাৰ সমূহ আৰক্ষী ৰ প্ৰচেষ্টা ৰ শলাগ লৈছে ৰাইজে।
Like this:
Like Loading...