...

১৫ বছৰে ন্যায় নাপালে বিস্ফোৰণত মৃত্যু হোৱা ভূক্তভোগী পৰিয়ালে

১৫ বছৰে ন্যায় নাপালে বিস্ফোৰণত মৃত্যু হোৱা ভূক্তভোগী পৰিয়ালে

চিনাক্ত ন’হল দোষী
নাপালে চৰকাৰী ক্ষতিপূৰণৰ সম্পূৰ্ণ ধন

ধুবুৰী,২জুন:

প্ৰায় ১৫ বছৰ উকলিবৰ হ’ল যদিও আজিলৈ ন্যায় নাপালে চৰকাৰী সুলভ মূল্যৰ নীলা কেৰাচিনৰৰ বিস্ফোৰিত হৈ মৃত্যুবৰণ কৰা ধুবুৰী মহকুমাৰ সেই দূৰ্ভগীয়া পৰিয়ালেবোৰে। নাপালে চৰকাৰী ক্ষতিপূৰণৰ সম্পূৰ্ণ ধনৰাশিও তেওঁলোকে। উল্লেখ্য যে, ২০১১ চনৰ জুলাই দ্বিতীয় সপ্তাহৰ পৰা আগষ্ট মাহলৈ সমগ্ৰ ধুবুৰী মহকুমা কঁপাই তুলিছিল কেৰাচিন তেলৰ বিস্ফোৰণৰ এক ঘটনাই৷  চৰকাৰী সুলভ মূল্যৰ নীলা কেৰাচিন তেল ব্যৱহাৰ কৰি ষ্ট’ভ, চাকি আদি জ্বলাবলৈ গৈ দাউদাউকৈ জ্বলি উঠাৰ ফলত অগ্নিদগ্ধ হৈ মহকুমাটোৰ ৩৪ গৰাকী দূৰ্ভগীয়াই কৰুণ, কষ্টকৰ মৃত্যুক সাবটিবলগীয়া হৈছিল;  আহত হৈছিল ১০০ গৰাকীৰো অধিক লোক। চৰকাৰী সুলভ মূল্যৰ নীলা কেৰাচিন তেল এনেদৰে দাউদাউকৈ জ্বলি উঠাৰ সেই বিস্ফোৰণ সদৃশ পৰিঘটনাক ৰাজ্যৰ সংবাদ মাধ্যমে অভিহিত কৰিছিল “কেৰাচিন বিস্ফোৰণ” বুলি। ইফালে কেৰাচিন তেল এইদৰে দাউদাউকৈ জ্বলি উঠাৰ কাৰণৰ একো উৱাদিহ নাপাই জিলা প্ৰশাসনে ২০১১ চনৰ ১৯ জুলাইৰ পৰা সমগ্ৰ ধুবুৰী জিলাতেই কেৰাচিন তেল বিক্ৰীৰ ওপৰত সাময়িকভাবে নিষেধাজ্ঞা আৰোপ কৰিছিল।  কেৰাচিন তেলৰ বিস্ফোৰণৰ এই ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছত ইণ্ডিয়ান অ’য়েল কৰ্পোৰেছন (চমুকৈ আই.ও .চি.)ৰ এটি দল  উপস্থিত হৈছিল ধুবুৰীত। দলটোৱে  বিষ্ফোৰিত কেৰাচিন তেলৰ  নমুনা সংগ্ৰহ কৰি বঙাইগাঁওৰ  ঢালিগাওঁস্থিত নিজা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল। ইপিনে সেই ঘটনা সংঘটিত আৰম্ভ হোৱাৰ  কেইদিনমান পিছত, ২২ জুলাইৰ দিনা ধুবুৰীত উপস্থিত হৈছিল ৰাজ্য চৰকাৰৰ তদানীন্তন খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ড৹ নজৰুল ইছলাম৷ মন্ত্ৰীগৰাকীয়ে   ধুবুৰীৰ ঝগৰাৰপাৰস্থ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰত হৈ থকা কেৰাচিন তেল বিস্ফোৰণৰ ঘটনাৰ আহত সকলোৰ খা-খৱৰ লৈছিল। চৰকাৰী সুলভ মূল্যৰ  কেৰাচিন তেল বিস্ফোৰণৰ ফলত নিহত হোৱা ধুবুৰীৰ স্থানীয়  কেইবাটাও পৰিয়ালৰ গৃহতো উপস্থিত হৈ  সমৱেদনা জ্ঞাপন কৰাৰ সমান্তৰালকৈ ঘটনাটোৰ আঁৰৰ দোষীসকলক চিনাক্ত কৰি কঠোৰ শাস্তি বিহা হ’ব বুলিও  প্ৰতিশ্ৰুতি দিছিল তেওঁ। স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত দিয়া সাক্ষাৎকাৰত তদানীন্তন যোগানমন্ত্ৰী ইছলামে  নিহত সকলৰ প্ৰতিটো পৰিয়ালক মুখ্যমন্ত্ৰীৰ ত্ৰাণ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাকৈ আৰ্থিক সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰিছিল। মাথো কেইটামান ঘন্টা উপস্থিত থাকিয়েই মন্ত্ৰীগৰাকীয়ে সিদিনাই, অৰ্থ্যাৎ ২০১১ চনৰ ২২ জুলাইৰ দিনা ধুবুৰীৰ পৰা উভতি গৈ নিশা গুৱাহাটীত আয়েজিত  এক সংৱাদমেল সম্বোধন কৰিছিল । সংবাদমেলখনত তদানীন্তন যোগানমন্ত্ৰী ড৹ নজৰুল ইছলামে  কেৰাচিন বিষ্ফোৰণক ঘটনাৰ বাবে আই.ও.চি. জগৰীয়া বুলি স্পষ্ট অভিযোগ অনাৰ সমান্তৰালকৈ  আই.ও.চি.ৰ বিৰূদ্ধে ভাৰতীয় ফৌজদাৰী আইনৰ ধাৰাত গোছৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া বুলি সদৰি কৰিছিল।  সেই সংবাদমেলখনতেই  কেৰাচিন বিস্ফোৰণৰ ঘটনাটোৰ তদন্তৰ দায়িত্ব চি.আই.ডি.ৰ হাতত অৰ্পণ কৰা হোৱা বুলিও ঘোষণা  কৰিছিল তেওঁ।  ইফালে  মন্ত্ৰীৰ  সেই সংৱাদমেলখনৰ চাৰিদিন পিছত; অৰ্থাৎ ২০১১ চনৰ ২৬ জুলাইৰ দিনা  আই.ও.চি.ৰ বঙাইগাওঁৰ ঢালিগাওঁস্থিত  পৰীক্ষাগাৰে বিস্ফোৰিত কেৰাচিনৰ ৪৯টা  নমুনাৰ ফলাফল প্ৰকাশ কৰিছিল৷ ধুবুৰীৰ আৱৰ্ত ভৱনত আয়োজিত এক সংৱাদ মেলত আই.ও.চি.ৰ  তদনান্তীন মহাপ্ৰৱন্ধক প্ৰিয়ভাস দেই তেওঁলোকৰ পৰীক্ষাগাৰত বিস্ফোৰিত হোৱা কেৰাচিন তেল নিম্নমানৰ আৰু অধিকাংশ নমুনাত কেৰাচিন তেলৰ স্বাভাৱিক  উতলাংকতকৈ অধিক উতলাংক থকা পোৱা যোৱা বুলি  স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত দাৱী কৰিছিল৷ বিষয়াগৰাকীয়ে কেৰাচিন বিষ্ফোৰণৰ  বাবে আই.ও.চি. দায়ী নহয় বুলিও উল্লেখ কৰি সমগ্ৰ ঘটনাটোৰ দায়িত্ব ৰাজ্য চৰকাৰলৈ ঠেলি দিছিল৷ এইদৰেই কেৰাচিন বিস্ফোৰণ ঘটনাক লৈ পৰস্পৰে পৰস্পৰক দোষাৰোপ দিয়া আৰম্ভ কৰিছিল আই.ও.চি. আৰু ৰাজ্য চৰকাৰৰ যোগান বিভাগে। ইয়াৰ মাজতে ধুবুৰী আৰক্ষীয়ে মহকুমাটোৰ সেই সময়ত থকা ৫টা কেৰাচিন তেলৰ ডিপ’ৰ সঞ্চালকক (manager) গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও এমাহৰ ভিতৰতেই আটাই কেইগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন পাই মুকলি আকাশৰ তললৈ ওলাই আহিছিল। ইফালে পৰিতাপৰ কথা এয়াও যে সেই শোকাৱহ  ঘটনাটো সংঘটিত হোৱাৰ  বৰ্তমানে প্ৰায় ১৫ বছৰৰ উকলিবৰ হ’ল যদিও কেৰাচিন বিস্ফোৰণত মৃত্যু হোৱা মৃতকৰ পৰিয়ালক ১ লাখ টকাকৈ  ক্ষতিপূৰণ দিয়াৰ তদানীন্তন যোগানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপণ্ণ কৰি আজিলৈ সেই ধনৰাশিৰ  সম্পূৰ্ণ ধন  লাভ কৰিব সক্ষম হোৱা নাই কোনোৱে ৷ জানিব পৰা মতে, প্ৰথমাৱস্থাত কেৰাচিন বিষ্ফোৰণত মৃত্যু হোৱা মৃতকৰ একাংশ পৰিয়ালে ১০/১৫ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য্য পাইছিল যদিও  বাকী ধনৰাশিৰ বাবে কেইবাবছৰো ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ তাত বাটি বাইছিল যদিও একো সুফল পোৱা নাছিল ভূক্তভোগী সকলে। এইদৰে দিঠকত গৈ কেৰাচিন বিস্ফোৰণত আহত-নিহত সকলক ক্ষতিপূৰণৰ দিয়াৰ তদানীন্তন চৰকাৰখনে দিয়া আশ্বাস এক ভেকোভাওনা বুলিয়েই প্ৰতিষ্ঠিত হৈছিল।কেৱল সেয়াই নহয়;  তদানীন্তন যোগান মন্ত্ৰীগৰাকীৰ ২০১১ চনৰ ২২ জুলাইৰ দিনা গুৱাহাটীৰ সংৱাদ মেলখনত ঘোষিত  চি.আই.ডি.-ৰ সেই তদন্তৰ ফলাফল কি সেয়াও কিন্তু আজিলৈ পোহৰলৈ নাহিল। ফলত সুদীৰ্ঘ বছৰৰ ১৫ বছৰৰ পিছতো কিন্তু ধুবুৰী কঁপোৱা চৰকাৰী সুলভ মূল্যৰ নীলা কেৰাচিন বিস্ফোৰণ ঘটাৰ মূল কাৰণ কি অথবা দোষী কোন  আছিল সেয়াও কিন্তু আজিলৈ উন্মোচিত নহ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *