...

জন্মশতবৰ্ষত ডিব্ৰুগড়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য ‘মঞ্চৰূপা’ৰ

জন্মশতবৰ্ষত ডিব্ৰুগড়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য ‘মঞ্চৰূপা’ৰ

চাইন অন ডেস্ক,৩১আগষ্ট:

সুধাকণ্ঠ, সঙ্গীত সূৰ্য্য, ভাৰত ৰত্ন, ড°ভূপেন হাজৰিকাদেৱৰ জন্মশতবাৰ্ষিকীৰ সমাপন কাৰ্যসূচীৰ সতে সঙ্গতি ৰাখি ৩০ আগষ্ট দেওবাৰে ‘মঞ্চৰূপা’ই অনুষ্ঠিত কৰে এক বৰ্ণাধ্য অনুষ্ঠানৰ —’বিন্দুতে সিন্ধু তুমি’৷ ডিব্ৰুগড়ৰ ড° ৰোহিনী কান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সন্ধিয়া অনুষ্ঠিত এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে প্ৰবীন শিল্পী, অসম-গৌৰব ৰাম চাচনীয়ে৷ বন্তি প্ৰজ্বলনত তেখেতৰ সতে ভাগ লয়, ‘মঞ্চৰূপা’ৰ মূখ্য উপদেষ্টা অমিয় শৰ্মা,শিল্পী পেঞ্চনাৰ পাপৰি দাস, প্ৰবীন বাদ্য-শিল্শী মুক্তি সিং লোহাৰ আৰু পুষ্পা বকুলচৰীয়াই৷
‘মঞ্চৰূপা’ৰ প্ৰতিকী নৃত্য আৰু ‘মঞ্চৰূপা’ৰ শিল্পী সকলে পৰিৱেশন কৰা শীৰ্ষ গীতেৰে অনুষ্ঠানৰ পাতনি মেলা হয়৷ মূখ্য অতিথি শিল্পী ৰূপে উপস্থিত থকা ধেমাজি জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া শতাব্দী বড়াৰ নৃত্য আছিল অন্যতম আকৰ্ষণ৷ ডিব্ৰুগড় শিল্পী সমাজৰ প্ৰতিষ্ঠিত শিল্পী সকলৰ লগতে জ্যোতি মইনা পাৰিজাতৰ মইনাহঁতে পৰিৱেশন কৰা সুধাকণ্ঠৰ দুটিকৈ যুগমীয়া গীতৰ সমৱেত পৰিৱেশনাই সকলোকে আপ্লুত কৰে৷ এককভাৱে গীতৰ শৰাই আগবঢ়ায় ক্ৰমে ভূবন গগৈ, নীলিমা বৰদলৈ, ৰূপনন্দা দত্ত, জিমি জিজ্ঞাসা বৰুৱা, ইমন সৌৰভ বৰুৱা, নিকুঞ্জ চেতিয়া, বৰ্ণিত পাল, ড° শ্ৰুতিধাাৰা মহন্ত আৰু ড° সুৰজিত বৰকটকীয়ে৷ একাধিক নৃত্যত ভাগ লয় অভিকা গগৈ, অনিতা আৰু বেদশ্ৰুতি ভট্টাচাৰ্য্যই৷ ৰুবি গগৈ সন্দিকৈ পৰিচালিত দলীয় নৃত্যটিয়েও দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে৷ অনুষ্ঠানত ৰিণি শৰ্মাই বেহেলাত সুধাকণ্ঠৰ ‘বিস্তীৰ্ণ পাৰৰে’ গীতটি আগবঢ়ায়৷ সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বড়া সহিতে ডিব্ৰুগড়ৰ গণ্যমান্য প্ৰায় ডেৰ শতাধিক দৰ্শকৰ উপস্থিতিত জ্যোতি মইনা পাৰিজাতৰ পৰিচালক উত্তম দত্তই পাৰিজাতৰ হৈ ‘মঞ্চৰূপা’ক সন্মান জনাই সভাপতি চন্দন পাঠক, কাৰ্যকৰী সভাপতি বলিন্দ্ৰ নাথ বৰদলৈ, সম্পাদক লাকি চাংকাকতি আৰু সাংস্কৃতিক সম্পাদক হাচান ইকবালক গলবস্ৰ আৰু স্মৃতি গ্ৰন্থ প্ৰদান কৰি সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ মঞ্চত সুধাকণ্ঠৰ ছবিৰ কাষতে গামোচাৰে আৱৰি স্থাপন কৰা হয় সেই ঐতিহাসিক হাৰমনিয়ামখন, য’ত হাতৰ পৰশ পৰিছিল সুধাকণ্ঠৰ উপৰি ৰূপকোঁৱৰ, কলাগুৰু, গীতিকবিৰ পৰা পুলক বেনাৰ্জী, পংকজ বৰদলৈকে ধৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তথা আজিৰ নৱপ্ৰজন্মৰ বহুতো শিল্পীৰ৷ ‘বিন্দুতে সিন্ধু তুমি ’ অনুষ্ঠানৰ আাঁত ধৰে হাচান ইকবালে৷ ১৯৫৭ চনতে সুধাকণ্ঠৰ হিয়াৰ উমেৰে প্ৰতিষ্ঠা হোৱা ‘মঞ্চৰূপা’ই উদযাপন কৰা সুধাকণ্ঠৰ জন্মশতবৰ্ষৰ সমাপন অনুষ্ঠানটিৰ শেষত ডিব্ৰুগড় শিল্পী সমাজৰ নেতৃত্বত জ্যোতি মইনা পাৰিজাত. আৰু ‘মঞ্চৰূপা’ৰ শিল্পীবৃন্দাৰ লগতে উপস্থিত ৰাইজে সমস্বৰে পৰিৱেশন কৰে সুধাকণ্ঠৰ যুগমীয়া সৃষ্টি— ‘মানুহে মানুহৰ বাবে৷’

Leave a Reply

Your email address will not be published. Required fields are marked *