...

“নম্বৰপ্ৰাপ্তিয়েই কেৱল শিক্ষাৰ একমাত্ৰ উদ্দেশ্য হ’ব নোৱাৰে। প্ৰকৃত শিক্ষাৰ লক্ষ্য বহুত বেছি ব্যাপক-” অধ্যক্ষ ড° যোগানন্দ সূত

“নম্বৰপ্ৰাপ্তিয়েই কেৱল শিক্ষাৰ একমাত্ৰ উদ্দেশ্য হ’ব নোৱাৰে। প্ৰকৃত শিক্ষাৰ লক্ষ্য বহুত বেছি ব্যাপক-” অধ্যক্ষ ড° যোগানন্দ সূত

ঢকুৱাখনাত এককালীন আৰ্থিক সাহাৰ্য্য বিতৰণ অনুষ্ঠান

ঢকুৱাখনা,৩১আগষ্ট:

‘প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱন আৰু কেৰিয়াৰত সফল হ’ব বিচাৰে । বৰ্তমানৰ আধুনিক যুগত ইয়াৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে । এতিয়া সফলতাৰ সংজ্ঞা বহুত সলনি হৈছে । কেৱল উচ্চ শিক্ষা, নম্বৰৰ উৎকৃষ্টতা বা কাৰিকৰী জ্ঞান এতিয়া যথেষ্ট নহয় । দ্ৰুতগতিত সলনি হোৱা আৰু প্ৰতিযোগিতামূলক পৃথিৱীখনত সাধাৰণ দক্ষতাৰ মজবুত ভেটি থকাসকলেহে আগবাঢ়িব পাৰে।’ – এই মন্তব্য ঢকুৱাখনা (স্বায়ত্বশাসিত) মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূতৰ।আজি মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২১ নং বৰনৈ পৰিষদীয় সমষ্টিৰ উদ্যোগত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা তিনি শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহাৰ্য্য বিতৰণ আৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণত শিক্ষাৰ্থীসকলক উদ্দেশ্যি তেওঁ এই আহ্বান জনাই কয় যে নম্বৰপ্ৰাপ্তিয়েই কেৱল শিক্ষাৰ একমাত্ৰ উদ্দেশ্য হ’ব নোৱাৰে। প্ৰকৃত শিক্ষাৰ লক্ষ্য বহুত বেছি ব্যাপক। পৰীক্ষাত লাভ কৰা নম্বৰে এজন ছাত্ৰ বা ছাত্ৰীৰ প্ৰকৃত মেধা, বুদ্ধি বা দক্ষতা সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰিব নোৱাৰে।প্ৰকৃত শিক্ষাই এজন ব্যক্তিক সমাজৰ বাবে উপযোগী, দক্ষ আৰু সৎ মানুহ হিচাপে গঢ়ি তুলিব লাগে। নম্বৰ প্ৰাপ্তি কেৱল এটা পৰ্যায় পাৰ হোৱাৰ মাধ্যমহে বুলি মন্তব্য কৰি অধক্ষ্য ড° সূতে লগতে কয় ‘জীৱনত সফল হ’বলৈ প্ৰকৃত জ্ঞান আৰু দক্ষতা আটাইতকৈ বেছি প্ৰয়োজনীয়।’ ২১ নং বৰনৈ পৰিষদীয় সমষ্টিৰ অৰ্ন্তগত ভোমা লাগাছু
কৃষ্টি ভৱনত শিক্ষাবিদ হৰিপ্ৰসাদ লাগাছুৱে সভাপতিত্ব কৰা অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই বৰনৈ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ
সুনীল কুমাৰ পেগুৱে।আদৰণি ভাষণত পৰিষদৰ অধ্যক্ষ গৰাকীয়ে ছাত্র-ছাত্ৰীসকলক সুখ্যাতিৰে পৰীক্ষাসমূহত উত্তীৰ্ণ হৈ কেৱল চাকৰিমুখী মানসিকতা পৰিহাৰ কৰি জাতি, সমাজৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াই যোৱা উচিত বুলি বক্তব্য ৰাখি ভৱিষ্যতে এগৰাকী ৰুচিসম্পন্ন আৰু সংস্কৃতিৱান নাগৰিক হিচাপে নিজকে গঢ়ি তুলি পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি
কৃতি শিক্ষাৰ্থী সকলে গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি জীৱনটো আগুৱাই নিব লাগিব বুলি বক্তব্য ৰাখি স্বকীয় জাতিসত্বা জীয়াই ৰখাৰ স্বাৰ্থত মেধাৱী শিক্ষাৰ্থীসকলে সদায় অহোপুৰুষাৰ্থ কৰি নতুন প্ৰজন্মৰ মাজত কৰ্ম-সংস্কৃতি সৃষ্টি কৰিব লাগিব বুলি উল্লেখ কৰে। মিচিং জাতীয় সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অমৰজিৎ দলেৱে আঁতধৰা অনুষ্ঠানটোত দক্ষতা বিকাশ প্ৰশিক্ষনপ্ৰাপ্ত জনগোষ্ঠীটোৰ কেইবাগৰাকী যুৱক-যুৱতীক মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ঢকুৱাখনা(স্বায়ত্বশাসিত) মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবীণ দলে,হাৰ্হি- মাতমৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু,
অল আছাম মিৰি হায়াৰছেকেণ্ডাৰীৰ অধ্যক্ষ নিৰঞ্জন পেগু,যোগীসুঁতি ট্ৰাইবেল কনেঙ হাইস্কুলৰ প্ৰধান শিক্ষক সুনীল দলে,পূব ঢকুৱাখনা গাঁও পঞ্চায়তৰ সভানেত্ৰী ভবানী পেগু,আঞ্চলিক পঞ্চায়তৰ সদস্য অমৃত দলে, মিচিং জাতীয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুৰেশ দলে, ক্ষীৰোদ পেগুৰ লগতে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বৃগেন দলে, দিপাঞ্জল দলেৰ উপৰিও বহুকেইজন শিক্ষাবিদ,জাতীয় সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *