এগৰাকী দুই সন্তানৰ মাতৃৰ চীপ লৈ আত্মহত্যাক কেন্দ্ৰ কৰি আজি পুৱাৰ ভাগত নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ ৰাঙ্গাপানীত উত্তপ্ত পৰিস্থিতিৰ উদ্ৰেক ঘটে।নিজ কন্যাৰ চীপ লৈ আত্মহননৰ খৱৰ পাই ঘটনাস্থলীত মহিলা গৰাকীৰ পিতৃ পৰিয়ালৰ লোক উপস্থিত হয় আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰে।আৰক্ষীৰ লোকে জোঁৱায়েক আৰু মাকক উদ্ধাৰ কৰে যদিও আৰক্ষীৰ সন্মুখতে বোৱাৰী গৰাকীৰ শহুৰেকক পিতৃ পৰিয়ালৰ লোকে উত্তম-মধ্যম শোধায়।মৃতা বোৱাৰী গৰাকীৰ পিতৃ পৰিয়ালৰ লোকৰ অভিযোগ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড আৰু তাকে লৈ খৰ্গহস্ত হৈ পৰে পিতৃ পৰিয়ালৰ পক্ষৰ লোক।নগৰবেৰা আৰক্ষী থানাৰ অধীনস্থ উত্তৰ ৰাঙ্গাপানী গাঁৱৰ ৰফিকুল ইছলাম (ছামছুল)ৰ পত্নী, দুই সন্তানৰ মাতৃ কহিনুৰ বেগম (২৫)ৰ আত্মহননক কেন্দ্ৰ কৰি সোমবাৰৰ পুৱাই এনে পৰিস্থিতিৰ উদ্ৰেক ঘটে। জানিব পৰা মতে মৃতা মহিলা গৰাকীৰ পিতৃগৃহ বৰপেটাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত ম’হচৰা গাঁৱত, পিতৃৰ নাম আমান আলী । কন্যাৰ মৃত্যুৰ বাতৰি পাই হিতাহিত জ্ঞান হেৰুৱায় আৰু পিতৃ পৰিয়ালৰ লোকে জোঁৱায়েকৰ ঘৰত উপস্থিত হৈ সৃষ্টি কৰে এক অবাঞ্চিত পৰিস্থিতিৰ।অভিযোগৰ ভিততিত আৰক্ষীয়ে ৰফিকুল ইছলাম সহ পিতৃ-মাতৃ, মুঠ তিনিজনক আটক কৰা বুলি জানিব পৰা গৈছে ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.