...

অসম জাতীয় পৰিষদৰ লেজাই আঞ্চলিক সমিতিৰ উদ্যোগত কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন

অসম জাতীয় পৰিষদৰ লেজাই আঞ্চলিক সমিতিৰ উদ্যোগত কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন

চাইন অন ডেস্ক,২জুনঃ

অসম জাতীয় পৰিষদৰ খোৱাং সমষ্টিৰ লেজাই আঞ্চলিক সমিতিৰ উদ্যোগত যোৱা শৈক্ষিক কাৰ্যসূচীৰ মৰ্মে লেজাই আঞ্চলিক সমিতিৰ এলেকাৰ চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন অনুষ্ঠান যোৱা ১জুনত সম্পন্ন হৈ যায়। উক্ত শৈক্ষিক কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক বিশ্বজিৎ বৰা, অসম জাতীয় পৰিষদ লেজাই আঞ্চলিক সমিতিৰ সভাপতি তৰুণ গগৈ, সম্পাদক ক্ৰমে দিগন্ত দিহিঙ্গীয়া, ৰীণা গগৈ, মনোজ বৰগোহাঁই, মহিলা শক্তিৰ নোমলী কুৰ্মী , জাতীয় সেৱক আহাদ হুছেইনৰ উপৰিও লেজাই অঞ্চলৰ জ্যেষ্ঠ সমাজ সেৱক তথা শৈক্ষিক সংগঠক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *