যক্ষ্মাৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ যুদ্ধকালীন তৎপৰতা
১০০ দিনীয়া টিবি নিৰ্মূল অভিযানত ডিব্ৰুগড়ত ৭৪২ নতুন ৰোগী চিনাক্ত
চাইন অন ডেস্ক,২জুন:

এই সময়ছোৱাত জিলাখনৰ প্ৰান্তীয় তথা উচ্চ বিপদাশংকাযুক্ত অঞ্চলসমূহক বিশেষভাৱে সামৰি মুঠ ২১৬খন আয়ুষ্মান আৰোগ্য শিৱিৰ অনুষ্ঠিত কৰা হৈছে। ইয়াৰে ২০৯খন গ্ৰাম্যাঞ্চলত আৰু ৭খন নগৰাঞ্চলত আয়োজন কৰা হয়। এই শিৱিৰসমূহত মুঠ ১৯,০৫৫ গৰাকী লোকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ গ্ৰহণ কৰে। সক্ৰিয় যক্ষ্মা ৰোগী অনুসন্ধান অভিযানৰ জৰিয়তে এই পৰ্যন্ত নিক্ষয় পৰ্টেলত ৬২,১৩৭ গৰাকী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৭৪২ গৰাকী নতুন যক্ষ্মা ৰোগী চিনাক্ত কৰি তেওঁলোকক ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ অধীনত তাৎক্ষণিকভাৱে চিকিৎসা সেৱাৰ আওতালৈ অনা হৈছে।
ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰতো জিলাখনে অভিলেখ সৃষ্টি কৰিছে। ২৪,৪৮০টা এক্স-ৰে পৰীক্ষাৰ নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে ৩১ মে’লৈকে মুঠ ২৯,১৮৭টা এক্স-ৰে সম্পন্ন কৰা হৈছে, যি ১১৯.২ শতাংশ সাফল্যৰ হাৰ। ইয়াৰ উপৰি, মুঠ ৪,৬৪০টা অণুজীৱবিজ্ঞান পৰীক্ষা সম্পাদন কৰা হয়, যাৰ ভিতৰত ৪,৪৯৫টা NAAT আৰু ১৪৫টা মাইক্ৰস্ক’পি পৰীক্ষা অন্তৰ্ভুক্ত। উল্লেখ্য যে, এই অভিযানত কৃত্ৰিম বুদ্ধিমত্তা-সঞ্চালিত ৰোগ নিৰ্ণয় প্ৰণালী আৰু হেণ্ডহেল্ড ডিজিটেল এক্স-ৰেৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে আগতীয়া তথা সঠিক নিদান নিশ্চিত কৰা হৈছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুযায়ী, ১০০ দিনীয়া অভিযানৰ প্ৰথম ৩০ দিনৰ ভিতৰতে সমগ্ৰ দেশত ২ কোটিৰো অধিক লোকৰ স্ক্ৰীনিং সম্পন্ন কৰি ১.৪৮ লাখ নতুন ৰোগী চিনাক্ত কৰা হৈছিল। এই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ডিব্ৰুগড় জিলাৰ এই পৰ্যন্তৰ প্ৰদৰ্শন নিঃসন্দেহে প্ৰশংসনীয় আৰু অনুকৰণীয়।
১০০ দিনীয়া এই বিশেষ অভিযান জুলাই, ২০২৬ মাহত সম্পূৰ্ণ হ’ব। অভিযানৰ বাকী থকা দিনকেইটাত জিলা স্বাস্থ্য বিভাগে আৰু অধিক তৎপৰতা, সমন্বয় আৰু ফলপ্ৰসূতাৰে কাৰ্যসূচী ৰূপায়ণ কৰাৰ দৃঢ় সংকল্প গ্ৰহণ কৰিছে। অনাগত দিনসমূহত স্ক্ৰীনিং, নিদান, চিকিৎসা আৰু পুষ্টি সহায়ৰ পৰিসৰ অধিক সম্প্ৰসাৰিত হোৱাৰ লগতে জিলাখনৰ স্বাস্থ্য বিভাগে সকলো নিৰ্ধাৰিত লক্ষ্যমাত্ৰা অতিক্ৰম কৰি এক নতুন মানদণ্ড স্থাপন কৰিবলৈ সক্ষম হ’ব বুলি ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগ আশাবাদী।
‘Yes! We Can End TB!’ — এই ৰাষ্ট্ৰীয় শ্ল’গানক সাৰোগত কৰি ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে যক্ষ্মামুক্ত ডিব্ৰুগড় জিলা গঢ়াৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ দিশত নিজৰ অৱদান অব্যাহত ৰাখিব বুলি পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। জিলা স্বাস্থ্য সমিতি, ডিব্ৰুগড়ে এই পৰ্যন্ত অভিযান সফল ৰূপায়ণত অৰিহণা যোগোৱা সকলো চিকিৎসক, স্বাস্থ্যকৰ্মী, আশা কৰ্মী, অংগনবাড়ী কৰ্মী, নিক্ষয় মিত্ৰ, স্বেচ্ছাসেৱী সংগঠন, সংবাদ মাধ্যমৰ প্ৰতিনিধি তথা সচেতন ৰাইজৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু বাকী থকা দিনকেইটাতো একেই সহযোগিতা আৰু সমৰ্থনৰ আহ্বান জনাইছে।