বিধান সভাৰ সচিব দুলাল পেগুৱে,বিষ্ণুৰাভাৰ মৃত্যু সম্পৰ্কত ভুল তথ্য প্ৰকাশ!
অধ্যক্ষইও দিছিল ৰক্ষণাবেক্ষণ?
জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগৰ অভিযোগ
চাইন অন ডেস্ক,২জুন:

বিধানসভাৰ ৫০/৬০ বৰৰ আগৰ নথি বিধান সভাত নথকা আৰু এজন সন্মানীয় বিধায়কৰ মৃত্যু সম্পৰ্কীয় তথ্য একেখন বিধানসভাতেই নথকাৰ ঘটনাও ঘটিছিল অসম বিধানসভাৰ সচিবালয়ত সচিব দুলাল পেগুৰ কাৰ্যকালত। বিষ্ণু ৰাভাৰ দৰে এগৰাকী জনপ্ৰিয় বিধায়কৰ মৃত্যু সম্পৰ্কীয় নথি নষ্ট হোৱা বা হৰলুকি হোৱা বুলি কৈ অসমৰ ৰাইজক ভুল পথে পৰিচালিত কৰাৰ বিষয়টোও তদন্তৰ আওতালৈ আনিব লাগে। —সংবাদ মাধ্যমৰ জৰিয়তে এই দাবী উত্থাপন কৰিছে ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা উল্লিখিত তথ্য বিচাৰি সচিবৰ ওচৰত তথ্য জনা অধিকাৰ আইনৰ যোগে আবেদন কৰা শৰৎ চন্দ্ৰ নেওগে।
উল্লেখযোগ্য যে, বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যুত বিধানসভাত শোক প্ৰকাশ কৰা বিষয়ত যোৱা ৭ জুলাই ২০২৫ তাৰিখে অসম বিধানসভাৰ সচিবালয়ৰ লোক তথ্য বিষয়ালৈ জ্যেষ্ঠ সাংবাদিক নেওগে এখন আবেদন কৰিছিল। প্ৰথমে সেই আবেদনৰ কোনো প্ৰত্যুত্তৰ নোপোৱাত বিধানসভাৰ অধ্যক্ষলৈ ১ চেপ্তেম্বৰ ২০২৫ তাৰিখে এখন আপীল আবেদন কৰে। সেই আবেদনৰ ভিত্তিত আবেদনকাৰী নেওগক ১৪ অক্টোবৰত শুনানিলৈ মাতে। শুনানি কালত সচিব দুলাল পেগুৱে ব্যক্ত কৰে বিচৰা তথ্য হেৰুৱাৰ কথা। কেৱল ইমানেই নহয়, এই বক্তব্য লিখিত ভাবে নেওগৰ হাতত দিয়ে সেইদিনাই। যি বিধানসভাত প্ৰতিষ্ঠাকালৰ তথ্য মজুত থকাটো অত্যন্ত জৰুৰী, তেনেস্থলত মাত্ৰ ৫০/৬০ বছৰৰ আগৰ নথি নথকাটো কিমান গুৰুত্বপূৰ্ণ বিষয় সি সহজেই অনুমেয়। উল্লেখযোগ্য যে, বিধানসভাৰ সচিবালয়ৰ স্বয়ং সচিবেই লিখিত ভাবে দিয়া এনে নাভূত-নাশ্ৰুত তথ্য প্ৰদান কৰাৰ বিষয়ে অবগত কৰি অসম বিধানসভাৰ তদানীন্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সাংবাদিক নেওগে লগ ধৰি লিখিত ভাবে বিষয়টোৰ ক্ষেত্ৰত তদন্তৰ দাবী কৰিছিল। যিহেতু বিষয়টো কেৱল ঐতিহ্যমণ্ডিত বিধানসভাৰ মৰ্য্যাদাৰ বিষয়টোৱেই জৰিত হৈ থকা নাই, ইয়াত জৰিত হৈ আছে অসমৰ এগৰাকী স্বনামধন্য বিধায়ক তথা অসমীয়া জাতিৰ বুকুৰ আপোন সৈনিক শিল্পী, গণশিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কীয় ঐতিহাসিক তথ্য,যি তথ্যৰ বিকৃত প্ৰকাশে মহান শিল্পী তথা বিধায়ক গৰাকীক অপমান কৰাকে সূচাব, সেয়েহে বিষয়টোৰ তদন্ত হোৱাটো প্ৰয়োজন আছিল। কিন্তু তদানীন্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিষয়টোক কোনো গুৰুত্ব আৰোপ নকৰি সচিব দুলাল পেগুক ৰক্ষণাবেক্ষণহে দিয়ে।
তদানীন্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু তদানীন্তন সচিব দুলাল পেগুৰ ক্ষেত্ৰত সম্প্ৰতি যিহেতু অন্যান্য অভিযোগৰ বাবে তদন্তৰ ব্যৱস্থা কৰা হৈছে, তেনেস্থলত বিষ্ণু প্ৰসাদ ৰাভাক কৰা উক্ত অপমানৰ বিষয়টোৰ লগতে গুৰুত্বপূৰ্ণ নথি বিধানসভাৰ সচিবালয়ৰ পৰা কেনেকৈনো হেৰাবলৈ পায়, এই বিষয়টোও তদন্তৰ আওতালৈ আনিব লাগে। সংবাদ মাধ্যমৰ জৰিয়তে এই দাবী উত্থাপন কৰিছে জ্যেষ্ঠ সাংবাদিক নেওগে।