...

ডিব্ৰুগড়ত ভয়ংকৰ পথ দূৰ্ঘটনাত ছাত্ৰৰ মৃত্যু

ডিব্ৰুগড়ত ভয়ংকৰ পথ দূৰ্ঘটনাত ছাত্ৰৰ মৃত্যু

থিতাতে নিহত সমীৰণ গোহাঁই নামৰ এজন ছাত্ৰ

চাইন অন ডেস্ক,৩১আগষ্টঃ

ডিব্ৰুগড়ৰ মহানগৰৰ উপকন্ঠ খনিকৰত কালি এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়৷ এখন দ্ৰুতবেগী মটৰ চাইকেল আৰু স্কুটীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় সমীৰণ গোহাঁই নামৰ ১৬ বছৰীয়া এজন ছাত্ৰ। এই দুৰ্ঘটনাটোত আন দুজন যুৱক গুৰুতৰভাৱে আহত হৈ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি, নিহত সমীৰণ গোহাঁই স্থানীয় চেইন্ট জেভিয়াৰ্চ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল। ডিব্ৰুগড় নতুন নিৰ্মালী গাঁৱৰ ছাত্ৰ সমীৰণ আছিল পঢ়া-শুনাত অত্যন্ত মেধাবী৷ অতি শান্ত স্বভাৱৰ ছাত্ৰজনৰ এনে আকস্মিক আৰু অকাল মৃত‍্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছা পৰিছে। শোকস্তব্ধ হৈ পৰিছে পৰিয়ালবৰ্গৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু সহপাঠীসকল। স্থানীয় লোকৰ অভিযোগ অনুসৰি, অঞ্চলটোত দিনক দিনে বৃদ্ধি পোৱা বেপৰোৱা ড্ৰাইভিং আৰু ট্ৰাফিক নিয়ম উলংঘা কৰ প্ৰৱণতাই প্ৰায়ে এনে দুৰ্ঘটনাৰ পথ মুকলি কৰিছে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ ততাতৈয়াকৈ গুৰুতৰভাৱে আহত যুৱক দুজনক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *