ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে গেষ্ট্ৰ’এণ্টেৰ’লজি আৰু মেটাবলিক সম্মিলন সম্পন্ন
চাইন অন ডেস্ক,১জুন:
উজনি অসমৰ স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষা ক্ষেত্রত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰি, “ডাইজেস্টিভ মেটাবলিক শৃংখলা-১” নামৰ ডিব্ৰুগড়ত প্ৰথমবাৰৰ গেষ্ট্ৰ’এণ্টেৰ’লজি-কেন্দ্ৰিক একাডেমিক সম্মিলন অলপতে ডিব্ৰুগড় ডাইজেস্টিভ ছোচাইটিৰ পৃষ্ঠপোষকতাত আৰু মেডি-ডাইজেষ্ট ডে কেয়াৰ চেন্টাৰৰ সহযোগত সফলভাৱে অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড়ৰ এইচ এম ৰিজৰ্ট তত অনুস্থিত হোৱা এই সন্মিলনত
দেশৰ বিভিন্ন প্ৰান্তৰ অগ্ৰণী গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট, চিকিৎসক আৰু বিশেষজ্ঞসকলৰ উপস্থিতি থাকি গেষ্ট্ৰ’এণ্টেৰ’লজি, যকৃতৰ ৰোগ, এণ্ড’স্কপি, মেটাবলিক ডিজিজ, IBD, ERCP আদি বিষয়ত একাধিক বৈজ্ঞানিক আলোচনা আৰু বিশেষজ্ঞ অধিবেশনত অংশগ্ৰহণ কৰা লগতে বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ আৰু চিকিৎসা সম্পৰ্কীয় আলোচনাত অংশগ্ৰহণ কৰে।
উজনি অসম তথা ডিব্ৰুগড়ত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই সন্মিলনৰ মূল লক্ষ্য আছিল মহানগৰ-
কেন্দ্ৰিক উন্নত চিকিৎসা জ্ঞান আৰু দেশৰ বিভিন্ন বিশেষজ্ঞ সকলৰ অভিজ্ঞতাক চিকিৎসকসকলৰ কাষলৈ সহজভাৱে আদান প্ৰদান কৰি ইয়াৰ পৰা ৰক্ষা পৰা ব্যৱস্থা উদ্ভাৱন কৰি ইয়াৰ পৰা ৰক্ষা কৰা।এই বিষয়ৰ মূল চিন্তক তথা নেতৃত্ব বহন কৰে বিশেষজ্ঞ চিকিৎসক ডাঃ° নিতিন ভার্তিয়া। তেখেতে উজনি অসমত এক শক্তিশালী একাডেমিক প্লেটফর্ম গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰে , যিয়ে জ্ঞান
বিনিময়, বিশেষজ্ঞৰ সহযোগিতা আৰু উন্নত ৰোগীসেৱাক উৎসাহিত কৰে।
এই সম্মিলনখনৰ অভূতপূর্ব সফলতা তথা সঁহাৰিয়ে অনাগত দিনত উজনি অসমত এক অনন্য বার্ষিক বৈজ্ঞানিক মঞ্চ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা অধিক শক্তিশালী কৰা বুলি আয়োজক সমিতিয়ে মত প্ৰকাশ কৰে।
Like this:
Like Loading...