...

বাসুগাঁৱত মহাপুৰুষ মাধৱদেৱৰ আৰ্ৱিভাৱ মহোৎসৱ পালন

বাসুগাঁৱত মহাপুৰুষ মাধৱদেৱৰ আৰ্ৱিভাৱ মহোৎসৱ পালন

বাসুগাঁও,১জুন:

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৮ সংখ্যক আৰ্ৱিভাৱ মহোৎসৱ অন্যান্য ঠাইৰ লগতে কোকৰাঝাৰ-চিৰাং জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ কোকৰাঝাৰ-চিৰাংজিলা নামঘৰ তথা শঙ্কৰী সংস্কৃতি বিকাশ কেন্দ্ৰ চৌহদত পালন কৰা হয় । বাৰখন প্ৰাথমিক শাখাৰ সহযোগত অনুষ্ঠিত আৰ্ৱিভাৱ মহোৎসৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱৰ ধৰ্ম দৰ্শনৰ ওপৰত বক্তব্য দাঙি ধৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ কোকৰাঝাৰ-চিৰাং জিলা শাখাৰ সভাপতি শুকুৰসিং ৰায়, প্ৰাক্তন সভাপতি মৃগেন চন্দ্ৰ ৰায়, বলেন চন্দ্ৰ ৰায়, অনিল চন্দ্ৰ ৰায়, সুনন্দ শইকীয়া বাপৰ লগতে সুতাপা ভকত আই গৰাকী।সভাখন পৰিচালনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ কোকৰাঝাৰ চিৰাং জিলা শাখাৰ সভাপতি অশোক ভকত বাপে । বক্তা সকলে বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি বক্তব্য দাঙি ধৰা অনুষ্ঠানটিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।উল্লেখযোগ্য যে ৰাতিপুৱাৰে পৰা অনুষ্ঠিত শ্ৰীশ্ৰী মাধৱদেৱৰ আৰ্ৱিভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি নাম প্ৰসংগ, ভাগৱত পাঠ আৰু ধৰ্মীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *