...

আছু নেতা মাধুৰ্য্য বৰ্মনৰ হত্যাৰ প্ৰতিবাদত উত্তাল নলবাৰী

আছু নেতা মাধুৰ্য্য বৰ্মনৰ হত্যাৰ প্ৰতিবাদত উত্তাল নলবাৰী

চাইন অন ডেস্ক,১জুন:

হত্যাকাৰীক ফাঁচী দিয়ক,মানুহৰ জীৱনৰ নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ অসম চৰকাৰ হায় হায়,গৃহ বিভাগ হায়!হায়!আমাক ন্যায় লাগিবই আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তুলে প্ৰতিবাদকাৰীয়ে।সমগ্ৰ ৰাজ্য কপাই যোৱা মাধুৰ্য্য বৰ্মনৰ হত্যাকাণ্ডৰ পিছত হত্যাকাৰীক ফাঁচীৰ দাবীৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই এক বিশাল প্ৰতিবাদী সমদল উলিয়াই।দেওবাৰে সন্ধিয়া মুকলমুৱাৰ গংগাপুৰত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।উক্ত ঘটনাত আছু নেতা মাধুৰ্য্য বৰ্মনৰ মৃত্যু হয় আৰু তেওঁৰ সম্বন্ধীয় ভগ্নী গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হয়।আনহাতে হত্যাকাণ্ডত জড়িত ৰোজ আলী ইতিমধ্যে পলাতক।হত্যাকাৰীক গ্ৰেপ্টাৰৰ দাবীৰে আজি নলবাৰীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *