শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসত যত্নপৰ হবলৈ স্বাস্থ্য বিষয়া সতৰ্ক বিধায়ক পৱিত্ৰ ৰাভাৰ
শিক্ষানুষ্ঠান – চিকিৎসালয়ত বিধায়ক ৰাভাৰ ছাডেন ভিজিত
আগিয়া,১৬মে’:
অসম বিধান বিধায়ক পৱিত্ৰ ৰাভাই আজি সমষ্টিটোৰ শিক্ষা অনুষ্ঠান আৰু চিকিৎসালয়ত ছাডেন ভিজিত কৰে। আজি দূপৰীয়া ১ বজাত পশ্চিম গোৱালপাৰাৰ ঐতিহাসিক শিক্ষা অনুষ্ঠান আগিয়া জে,এন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
হঠাতে উপস্থিত হৈ বিদ্যালয় খনৰ শৈক্ষিক দিশটোৰ বুজ লয়। এই সম্পৰ্কত বিদ্যালয় খনৰ অধ্যক্ষ আব্দুল হক আৰু পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজ সেৱক নীলুমনি ৰয়ৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰে। বিদ্যালয় খন পৰিৰ্দশনৰ সময়ত বিধায়ক গৰাকীয়ে নৱম , দশম ,একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে । ইয়াৰ পিছতে বিধায়ক গৰাকীয়ে স্বাস্থ্য খণ্ডত গোৱালপাৰা পশ্চিম সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা আগিয়া খণ্ড প্ৰাথমিক চিকিৎসালয় পদাৰ্পণ কৰে। চিকিৎসালয় খনত উপস্থিত হৈ বিধায়ক গৰাকীয়ে ৰোগী সকলৰ লগতে ৰোগীৰ আত্মীয় সকলৰ লগত কথা পাতে। চিকিৎসালয় খনৰ মূৰ্ব্বী চিকিৎসক তথা 
