হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অনুষ্ঠিত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অনুপস্থিত থকাৰ বাবে ডিব্ৰুগড় জিলাৰ দুজন প্ৰধান শিক্ষকক আজি চাকৰিৰ পৰা নিলম্বন কৰা হয়। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ নিৰ্দেশ মৰ্মে জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। নিলম্বিত শিক্ষক দুজন হৈছে ক্ৰমে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক গগৈ আৰু টিংখাং সাৰ্বজনীন হাইস্কুলৰ প্ৰধান শিক্ষক ইন্দ্ৰ কোঁৱৰ। জানিব পৰামতে, সদ্যঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ জিলাখনৰ বিদ্যালয়সমূহৰ অগ্ৰগতি আৰু ফলাফলৰ গুণগত মানৰ ওপৰত আলোচনা কৰিবলৈ জিলা আয়ুক্তই এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকৰ আহ্বান কৰিছিল। কিন্তু জিলা প্ৰশাসনে জাৰী কৰা নিৰ্দেশক আওকাণ কৰি কোনো তথ্য অবিহনেই উক্ত বৈঠকত অনুপস্থিত থাকে প্ৰধান শিক্ষকদ্বয়। পৰীক্ষাৰ ফলাফলৰ দৰে এক সংবেদনশীল বিষয়ত অনুষ্ঠিত বৈঠকত দুগৰাকী দায়িত্বশীল বিষয়ববীয়াৰ এনে অনুপস্থিতিক কৰ্তব্যত চৰম গাফিলতি বুলি গণ্য কৰিছে প্ৰশাসনে। ফলত জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দুয়োকে নিলম্বনৰ পত্ৰ প্ৰদান কৰে। জিলা প্ৰশাসনৰ এই কঠোৰ পদক্ষেপে এতিয়া জিলাখনৰ চৰকাৰী শিক্ষাখণ্ডৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.