...

ডিব্ৰুগড়ত কালি সন্ধিয়া হব ‘ব্লেকআউট’ ?

ডিব্ৰুগড়ত কালি সন্ধিয়া হব ‘ব্লেকআউট’ ?

কিন্তু কিয় ?

চাইন অন ডেস্ক,১৫মে’:

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কাইলৈ অৰ্থাৎ ১৬ মে’ত অনুষ্ঠিত হ’ব এক বিশেষ ‘মক ড্ৰিল’।

ডিব্ৰুগড়ৰ ক’ল ৰোড এলেকাত যুদ্ধকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ লক্ষ্যৰে এই অনুশীলন।

ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে কাইলৈ সন্ধিয়া ৬.৩০ বজাৰ পৰা ৭.৩০ বজাৰ ভিতৰত মক ড্ৰিল।

সন্ধ্যা ৬.৩০ বজাত প্ৰথমটো বিপদ সংকেত চাইৰেন বাজি উঠাৰ লগে লগে ৰাইজে ঘৰৰ লাইটসমূহ বন্ধ কৰি পালন কৰিব লাগিব ‘ব্লেকআউট’।

প্ৰায় ১৫ মিনিটৰ পাছত দ্বিতীয়টো চাইৰেন ২ মিনিট ধৰি বাজি উঠাৰ পাছতহে পুনৰ জ্বলাব পাৰিব লাইটসমূহ।

জৰুৰীকালীন অৱস্থাত চৰকাৰী বিভাগসমূহৰ কাৰ্য্যদক্ষতা পৰীক্ষা কৰাৰ উদ্দেশ্যে এই অনুশীলনৰ আয়োজন।

অনুশীলনৰ সময়ত হোৱা আতচবাজী বা তেনে শব্দত আতংকিত নহ’বলৈ ৰাইজক অনুৰোধ প্ৰশাসনৰ

Leave a Reply

Your email address will not be published. Required fields are marked *