ভাৰত-ইউএই বন্ধুত্বৰ এক নতুন অধ্যায়
এক ঐতিহাসিক সিদ্ধান্ত
চাইন অন ডেস্ক,১৫মে’:

দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ’ল এক গুৰুত্বপূৰ্ণ ‘কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব’ চুক্তি।
এই চুক্তিয়ে প্ৰতিৰক্ষা প্ৰযুক্তিৰ যৌথ উৎপাদন আৰু সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাক এক নতুন মাত্ৰা প্ৰদান কৰিব।
শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ কৌশলগত পেট্ৰলিয়াম মজুতৰ ক্ষেত্ৰতো দুয়োখন দেশে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

গুজৰাটৰ ভাদিনাৰত স্থাপন কৰা হ’ব এক অত্যাধুনিক ‘জাহাজ মেৰামতি ক্লাষ্টাৰ’, যাৰ ফলত সামুদ্ৰিক আন্তঃগাঁথনি শক্তিশালী হ’ব।


