ধুবুৰীত চুৰি কৰিবলৈ অহা চোৰৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যু
ধুবুৰী,১৫ মে’:
ধুবুৰীত সংঘটিত হৈছে এক শোকাবহ ঘটনা। চহৰখনৰ আঘাত চুৰি কৰিবলৈ আহি বিদ্যুৎপৃষ্ট হৈ মৃত্য হয় এজন যুৱকৰ। জানিব পৰা মতে, চহৰখনৰ ড° জাকিৰ হুছেইন ৰোডস্থিত লুৎফৰ ৰহমানৰ নামৰ ব্যক্তি এগৰাকী গৃহত পুৱা চুৰিকাৰ্য চলোৱাৰ সময়তেই সংঘটিত হয় এই শোকাবহ ঘটনাটো। ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰ’হমান আৰু তেখেতৰ পত্নী অ’কলে থকাৰ সুযোগ লৈ দূৰ্ভগীয়া সেই যুৱকজন চুৰি কৰিবলৈ অহা বুলি সন্দেহ কৰা হৈছে। মৃত সেই যুৱকজন ধুবুৰী চহৰৰ নিউ মাৰ্কেট অঞ্চলৰ ছেলিম শেখ (২০) বুলি প্ৰকাশ।