সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্যমঞ্চৰ উদ্যোগত আৰু টাই আহোম যুৱ পৰিষদ (টাইপা), অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত আজি চৌকিডিঙ্গী খেলপথাৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক ৰঙালী বিহু সন্মিলনখনি উলহ-মালহেৰে অনুষ্ঠিত হৈ যায়।কালি পুৱা উদযাপন সমিতিৰ সভানেত্ৰী ভাৰতী ফুকনে সন্মিলনৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। একেদৰে টাইপাৰ পতাকা উত্তোলন কৰে জনপ্ৰিয় কণ্ঠশিল্পী ৰতন গগৈয়ে। ইয়াৰ পাছতে সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্যমঞ্চৰ সম্পাদিকা কল্পনা হাজৰিকাই স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে। সন্মিলনৰ মূল মঞ্চখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সৰ্বভাৰতীয় অনুসূচিত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সমিতিৰ সম্পাদক জগত হাজৰিকাই। দিনৰ ভাগত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচীয়ে চৌকিডিঙ্গী খেলপথাৰ উৎসৱমুখৰ কৰি তোলে। ‘ক’ আৰু ‘খ’ শাখাত বিভক্ত কৰি বিহুনাচ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মৌ কুঁৱৰী, বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতাই দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰে।বিশেষ আকৰ্ষণ হিচাপে গাভৰু আৰু বোৱাৰীসকলৰ দ্বাৰা জেং বিহু পৰিৱেশন কৰা হয়। আনহাতে সন্ধিয়াৰ ভাগত এখন মুকলি সভা অনুষ্ঠিত হোৱাৰ পাছতেই নিশা সাংস্কৃতিক সন্ধিয়া আৰম্ভ হয়। এই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মালি দাসে গীত পৰিৱেশন কৰি উপস্থিত হাজাৰ হাজাৰ দৰ্শকক আপ্লুত কৰে। অনুষ্ঠানটোৰ সফল পৰিসমাপ্তিত উদযাপন সমিতিয়ে সহায়-সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.