“ভাৰতৰ সামুদ্রিক খণ্ডত ২০২০ চনৰ পাছৰে পৰা মহিলাৰ অংশগ্রহণ ৩৪০% বৃদ্ধি”: সৰ্বানন্দ সোণোৱাল
“নিৰাপদ আৰু স্থিতিশীল ভাৰত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো অংশীদাৰৰ সৈতে একেলগে কাম কৰি যাবলৈ ভাৰত প্রতিশ্রুতিবদ্ধ” : সৰ্বানন্দ সোণোৱাল
নতুন দিল্লী, ৭ মে’, ২০২৬:
ভাৰতৰ সামুদ্রিক খণ্ডত ২০২০ চনৰ পাছৰে পৰা মহিলাৰ অংশগ্রহণ ৩৪০% বৃদ্ধি পাইছে বুলি আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে৷ ইয়াৰ জৰিয়তে
অধিক অন্তর্ভুক্তিমূলক আৰু ভৱিষ্যৎমুখী সামুদ্রিক কর্মশক্তি গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ সবিশেষ তেওঁ দাঙি ধৰে৷নতুন দিল্লীত অনুষ্ঠিত দশম ভাৰত মহাসাগৰীয় সংলাপত মূল ভাষণ প্রদান কৰি
সৰ্বানন্দ সোণোৱালে 'নাৰী শক্তি'ক ভাৰতৰ সামুদ্রিক বিকাশৰ এক কেন্দ্রীয় স্তম্ভ হিচাপে অভিহিত কৰে৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে এই অনুষ্ঠানত মৰিচাছৰ বৈদেশিক মন্ত্ৰী মহামান্য ধনঞ্জয় ৰামফুল
আৰু য়েমেনৰ ৰাজ্যিক মন্ত্ৰী মহামান্য ৱালিদ মহম্মদ আল-কাদিমীয়ে অংশগ্ৰহণ কৰে৷ সৰ্বানন্দ সোণোৱালে কয়, “সাগৰ মে সন্মানৰ দৰে পদক্ষেপৰ জৰিয়তে
আমি সামুদ্রিক খণ্ডত মহিলাসকলৰ বাবে মৰ্যাদা, অন্তৰ্ভুক্তি আৰু নেতৃত্বৰ সুযোগ আগবঢ়াই লৈ গৈছোঁ৷ ২০২০ চনৰ পাছৰে পৰা এই খণ্ডত মহিলাৰ অংশগ্রহণ
প্রায় ৩৪০% বৃদ্ধি পাইছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত সামুদ্রিক খণ্ডত হোৱা এই ৰূপান্তৰে ভাৰত মহাসাগৰীয় অঞ্চলৰ বাবে অধিক
অন্তৰ্ভুক্তিমূলক, সহনশীল আৰু ভৱিষ্যৎমুখী কর্মশক্তি গঢ়ি তুলিবলৈ সহায় কৰিছে৷” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মহিলাৰ অংশগ্রহণ বৃদ্ধিক ভাৰতৰ বৃহত্তৰ সামুদ্রিক
দৃষ্টিভংগীৰ সৈতে সামঞ্জস্য ৰাখি উপস্থাপন কৰে, য'ত অৰ্থনৈতিক বিকাশৰ লগতে সামাজিক সশক্তিকৰণকো অগ্ৰাধিকাৰ দিয়া হৈছে৷ তেওঁ উল্লেখ কৰে যে- নিৰাপত্তা,
সংযোগ আৰু বহনক্ষম বৃদ্ধিৰ প্ৰচেষ্টাৰ লগতে 'মানৱীয় উপাদান' ভাৰতৰ সামুদ্রিক কৌশলৰ এক কেন্দ্ৰীয় অংশ হিচাপে পৰিগণিত হৈছে৷ সৰ্বানন্দ সোণোৱালে কয়,
“ভাৰত মহাসাগৰ কেৱল এক ভৌগোলিক অঞ্চল নহয়, ই বিশ্বৰ এক জীৱনৰেখা৷ বৈশ্বিক শক্তি প্রবাহ, বাণিজ্য আৰু যোগান শৃংখলৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বই অধিক
সহযোগিতা, সহনশীলতা আৰু অন্তৰ্ভুক্তিৰ আহ্বান জনাইছে৷ সৰ্বানন্দ সোণোৱালে কয় যে, ভাৰতৰ সামুদ্রিক পদক্ষেপসমূহ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ
সৈতে সামঞ্জস্যপূৰ্ণ৷ ইয়াৰ ভিতৰত আছে "সাগৰ" (Security and Growth for All in the Region) আৰু "মহাসাগৰ'ৰ দৰে পদক্ষেপ, যিবোৰৰ লক্ষ্য হৈছে
আঞ্চলিক সহযোগিতা শক্তিশালী কৰা আৰু সমতাভিত্তিক বিকাশ নিশ্চিত কৰা৷৷ ২০২৫-২৭ বৰ্ষৰ বাবে ভাৰত মহাসাগৰীয় ৰিম এছ'চিয়েশ্যন (IORA) - অধ্যক্ষ হিচাপে ভাৰতৰ দ্বাৰা আয়োজিত দশম ভাৰত
মহাসাগৰীয় সংলাপৰ মূল বিষয় হৈছে “পৰিৱৰ্তিত বিশ্বত ভাৰত মহাসাগৰীয় অঞ্চল” । এই মঞ্চত সামুদ্রিক সুৰক্ষা, নীল অর্থনীতি, দুর্যোগ ব্যৱস্থাপনা আৰু মহিলা সশক্তিকৰণৰ দৰে বিষয়ত আলোচনা
কৰিবলৈ মন্ত্ৰী, নীতি নিৰ্ধাৰক, শিক্ষাবিদ আৰু উদ্যোগ খণ্ডৰ নেতৃবৃন্দ একত্ৰিত হৈছে৷ আই অ' আৰ এ-ৰ অধ্যক্ষ হিচাপে ভাৰতৰ নেতৃত্বত এই মঞ্চই “উদ্ভাৱন, উন্মুক্ততা, সহনশীলতা আৰু অভিযোজন
ক্ষমতা”ত গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ লগতে মহিলাৰ অৰ্থনৈতিক সশক্তিকৰণক এক
গুৰুত্বপূৰ্ণ আন্তঃক্ষেত্রীয় অগ্রাধিকাৰ হিচাপে চিহ্নিত কৰা হৈছে৷ সৰ্বানন্দ সোণোৱালে অঞ্চলটোত “নেট ছিকিউৰিটি প্রভাইডাৰ” হিচাপে ভাৰতৰ ভূমিকাও
উল্লেখ ধৰে৷ তেওঁ মানৱীয় সহায়, সামুদ্রিক নজৰ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতৰ বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে৷ লগতে তেওঁ কয় যে,
কোনো এখন দেশেই অকলশৰে সামুদ্রিক প্ৰত্যাহ্বানসমূহ সমাধান কৰিব নোৱাৰে৷ তেওঁ আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনাই যৌথ পদক্ষেপ গ্ৰহণৰ আহ্বান
জনায়৷ সৰ্বানন্দ সোণোৱালে কয়, “নিৰাপদ আৰু স্থিতিশীল ভাৰত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো অংশীদাৰৰ সৈতে একেলগে কাম কৰি
যাবলৈ ভাৰত প্ৰতিশ্রুতিবদ্ধ।"" আই অ' আৰ এ-ত ২৩খন সদস্য ৰাষ্ট্ৰ আৰু ১২খন ডায়েলগ অংশীদাৰ দেশ অন্তৰ্ভুক্ত আছে৷ ভাৰত মহাসাগৰীয় অঞ্চলত
অৰ্থনৈতিক সহযোগিতা আৰু বহনক্ষম বিকাশৰ সন্দৰ্ভত সংস্থাটোৱে গুৰুত্ব আৰোপ কৰে৷ ইয়াৰ লগতে নীল অৰ্থনীতিৰ সৈতে মহিলাৰ অৰ্থনৈতিক
সশক্তিকৰণকো এক গুৰুত্বপূর্ণ আন্তঃক্ষেত্ৰীয় অগ্ৰাধিকাৰ হিচাপে চিহ্নিত কৰা হৈছে৷ ২০২৬ চনৰ ৭ আৰু ৮ মে’ত নতুন দিল্লীত অনুষ্ঠিত হোৱা এই সংলাপৰ
দশম সংস্কৰণত সামুদ্রিক সুৰক্ষা, নীল অর্থনীতি, দুর্যোগ ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন আৰু মহিলা সশক্তিকৰণৰ সন্দৰ্ভত বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হৈছে৷
Like this:
Like Loading...