টেংকাৰৰ খুন্দাত শিক্ষক নিহত
স্থানীয় ৰাইজৰ মাজত উত্তেজনা
দলগাঁও,৭মে’:
দৰঙৰ দলগাঁৱৰ বালুগাঁও বজাৰৰ সমীপত ৰাষ্ট্ৰীয় ঘাই পথত আজি পুৱা ন মান বজাত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হোৱাত এজন উদীয়মান শিক্ষকে কৰুণ মৃত্যু সাৱটি লব লগা হোৱাত ৰাইজৰ মাজত উত্তেজনা সৃষ্টি হয় । ওদালগুৰিৰ কলিতাপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ টেট শিক্ষক তাহেৰ আলী(৩৫) নিজৰ পালচাৰ বাইক ( এ এছ১৩ জে ৬৯৮৪) যোগে দলগাঁও অভিমুখে আহি আছিল । তেনে সময়তে একে দিশৰ পৰা অহা এখন দ্ৰুতবেগী তেলৰ টেংকাৰে শিক্ষকজনৰ বাইকখনত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে । দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে শিক্ষকজন বাইকৰ পৰা ছিটিকি পৰে আৰু থিতাতে তেওঁৰ মৃত্যু হয় । দূৰ্ঘটনা সংঘটিত কৰিয়েই টেংকাৰ চালকজনে বাহনখন লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ নিহত শিক্ষক গৰাকী মৰাবেগা গাঁৱৰ বাসিন্দা যদিও বৰ্তমান তেওঁ খাৰুপেটীয়াৰ ওচৰৰ নিমতলীত বসবাস কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এটি সন্তানক ইহসংসাৰত এৰি যায় ৷ এই দূৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ মাজত চৰম ক্ষোভ আৰু উত্তেজনাই বিৰাজ কৰিছে । বিশেষকৈ অতি ব্যস্ততাপূৰ্ণ বালুগাঁও বজাৰ অঞ্চলত যান-বাহন নিয়ন্ত্ৰণৰ অভাৱৰ বাবেই এনে ঘটনা সঘনাই সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় লোকে উল্লেখ কৰা মতে বালুগাঁও বজাৰৰ কাষেৰে যোৱা এই ৰাজপথত অতি কমেও তিনিখন স্পিড বেকাৰ স্থাপন কৰিবলৈ ৰাইজে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কানসাৰ দিয়া নাই ৷ দৈনিক হাজাৰ হাজাৰ ই-ৰিক্সা ৰাজপথেৰে এই বজাৰলৈ আহে, যাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় আৰু পথচাৰীৰ জীৱন বিপদাপন্ন হৈ পৰে ৷ যান-বাহন নিয়ন্ত্ৰণৰ বাবে নিয়োজিত আৰক্ষীৰ ভূমিকাৰ ওপৰতো ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । গাড়ী মটৰ নিয়ন্ত্রনৰ বাবে মোতায়েন নাথাকে ব্যস্ত ঠাই খনত । কৰ্তব্যৰত আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই চালকসকলে বেপৰোৱাভাৱে বাহন চলোৱাৰ সুযোগ পায় বুলি অভিযোগ উঠিছে ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইপিনে দলগাঁও থানাৰ আৰক্ষীয়ে ইতিমধ্যে পলাতক টেংকাৰখনক জব্দ কৰিবলৈ সক্ষম হয় ৷ টেংকাৰ খনৰ নম্বৰ এ এছ ০১ জে চি ৬৮২৬ । এজন কৰ্তব্যপৰায়ণ শিক্ষকৰ এনে আকস্মিক বিয়োগত সমগ্ৰ শিক্ষক সমাজ তথা স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে আৰু দোষী চালকক শাস্তি বিহিবলৈ দাবী জনাইছে ।
Like this:
Like Loading...