ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ত উজনিৰ বান সম্পৰ্কীয় উচ্চস্তৰীয় বৌদ্ধিক আলোচনা
চাইন অন ডেস্ক,২৯আগষ্ট:
যোৱা জুলাই মাহত উজনি অসমত সৃষ্টি হোৱা অভূতপূৰ্ব আৰু সংহাৰী বানৰ অন্তৰালত কেৱল প্ৰাকৃতিক অতিবৃষ্টিয়েই একমাত্ৰ কাৰণ নাছিল। বৰঞ্চ উজনীয়া পাহাৰৰ ধাৰাষাৰ বৰষুণৰ সমান্তৰালকৈ দিখৌ নদীৰ অৱবাহিকা অঞ্চলত অহা ব্যাপক পৰিৱৰ্তন, নদীৰ অস্বাভাৱিক ভূতাত্বিক ৰূপান্তৰ, ক্ৰমাগত পলস বা গেদ জমা হোৱা প্ৰক্ৰিয়া, অনিয়ন্ত্ৰিত খনন, বনাঞ্চল ধ্বংস, ত্ৰুটিপূৰ্ণ পানী নিষ্কাষণ ব্যৱস্থা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ চৰম শিথিলতাও ইয়াৰ বাবে সমানেই দায়ী। যোৱা শুকুৰবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক উচ্চস্তৰীয় বৌদ্ধিক আলোচনাত বিশেষজ্ঞসকলে একমুখে এই তথ্য সদৰী কৰে।বিশ্ববিদ্যালয়খনৰ বায়ুমণ্ডল অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত ‘কাৰ্যক্ষম দুৰ্যোগ প্ৰশমন আৰু অভিযোজনৰ বাবে আন্তঃবিষয়ক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা’ (Need of an integrated understanding through trans-disciplinary approach for effective risk reduction and adaptation) শীৰ্ষক বিষয়বস্তুক লৈ এই চিন্তন বৈঠক অনুষ্ঠিত হয়। এটা অতিবৃষ্টিৰ প্ৰাকৃতিক পৰিঘটনা কেনেকৈ এনে এক ভয়াৱহ মানৱীয় বিপৰ্যয়লৈ ৰূপান্তৰিত হ’ল আৰু ভৱিষ্যতে ইয়াৰ প্ৰতিৰোধ কেনেকৈ সম্ভৱ, সেই সন্দৰ্ভত ইয়াত গভীৰভাৱে আলোচনা কৰা হয়। এই আলোচনা চক্ৰখন সুচাৰুৰূপে পৰিচালনা কৰে বায়ুমণ্ডল অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক প্ৰাধ্যাপক কল্যাণ ভূঞাই। এই আলোচনাত মূল বক্তব্য 

নদীৰ উৎস অঞ্চলৰ ভৌগোলিক স্থিতি বাখ্যা কৰি বিশিষ্ট ভূ-বিজ্ঞানী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক যোগেন্দ্ৰ নাথ শৰ্মাই কয় যে জুলাই মাহৰ এই বান বুজিবলৈ হ’লে নগালেণ্ডৰ মোককচাং, মন, টুৱেনচাং আৰু লংলেং জিলাৰ অস্বাভাৱিক বৃষ্টিপাতৰ ধৰণ লক্ষ্য কৰিব লাগিব, কাৰণ এই পাৰ্বত্য অঞ্চলসমূহৰ পৰাই উজনি অসমৰ নদী ব্যৱস্থালৈ মূল পানী আহে। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে যে কেৱল ১৮ ৰ পৰা ২০ জুলাইৰ ভিতৰতে মোককচাঙত ৪০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছিল। প্ৰাধ্যাপক শৰ্মাই কেৱল বৰষুণকেই দোষাৰোপ নকৰি দিখৌ নদীৰ অৱবাহিকাৰ সলনি হোৱা মূল গাঁথনিটোৰ কথা উত্থাপন কৰে। তেওঁ চণ্টক অঞ্চলৰ এটা তীব্ৰ সৰ্পিল গতিপথৰ (Meander) উদাহৰণ দি কয় যে যি ঠাইত নদীখনৰ ভাঁজটো প্ৰায় ১০ কিলোমিটাৰ দীঘল, তাৰ পোনপটীয়া দূৰত্ব মাত্ৰ ৩.৫ কিলোমিটাৰ। সাধাৰণ অৱস্থাত নদীখনে পুৰণি গতিপথেৰে অতিক্ৰম কৰে যদিও হঠাতে হিলদল ভাঙি অহা বিপুল পৰিমাণৰ পানী আৰু বালি-বোকাৰ হেঁচাত নদীখনে চুটি পথ ল’বলৈ বাধ্য হয়। ফলত নদীয়ে মথাউৰি ভাঙি হঠাতে এনে কিছুমান নতুন অঞ্চললৈ পানী বোৱাই লৈ যায়, যিবোৰ ঠাই সাধাৰণতে বানৰ কৱলৰ পৰা মুক্ত আছিল। অধ্যাপক শৰ্মাই আন এক সম্ভাৱনাৰ দিশো উন্মোচন কৰে। তেওঁৰ মতে, বানৰ ঠিক পূৰ্বে দিখৌৰ পাহাৰীয়া অংশত গছ-গছনি আৰু আৱৰ্জনা জমা হৈ এক অস্থায়ী কৃত্ৰিম বান্ধৰ সৃষ্টি হৈছিল নেকি, তাক বিশেষভাৱে অনুসন্ধান কৰা উচিত। কাৰণ তেনে কোনো অস্থায়ী বান্ধ হঠাতে ভাঙি যোৱাৰ ফলত নামনিলৈ এক বিধ্বংসী পানীৰ ঢল নামি অহাটো স্বাভাৱিক। উত্তৰ পাৰৰ গাই নদীৰ বুকুত ঘটা এনে পুৰণি ঘটনাৰ উদাহৰণো তেওঁ দাঙি ধৰে।
গোলকীয় জলবায়ু পৰিৱৰ্তনৰ প্ৰসংগ উত্থাপন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ কুমাৰ ভূঞাই সতৰ্ক কৰি দিয়ে যে সমগ্ৰ উত্তৰ-পূব ভাৰতত দীৰ্ঘম্যাদী উষ্ণতা বৃদ্ধিৰ 
আলোচনাত অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ মূৰব্বী অধ্যাপক তাপস কুমাৰ গোস্বামীয়ে নগা পাহাৰৰ ভূতাত্বিক আৰু ভূ-প্ৰাকৃতিক অৱস্থিতিৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ পাহাৰৰ তীব্ৰ ঢাল আৰু ‘নগা থ্ৰাষ্ট ব্যৱস্থা’ক (Naga Thrust system) ভূমিস্খলন তথা পাহাৰীয়া অঞ্চলৰ অস্থিৰতাৰ অন্যতম মুখ্য কাৰক হিচাপে চিহ্নিত কৰে। তেওঁ কয় যে এনে তীব্ৰ ঢালযুক্ত আৰু ভূতাত্বিকভাবে স্পৰ্শকাতৰ অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণে অতি কম সময়ৰ ভিতৰতে নদীৰ পানীৰ বেগ বৃদ্ধি কৰাৰ লগতে বুজন পৰিমাণৰ গেদ বা বোকা-বালি উটুৱাই আনি নদী ব্যৱস্থাত পেলাই দিয়ে। প্ৰাধ্যাপক গোস্বামীয়ে নদীৰ জলপ্ৰবাহ আৰু পলসৰ পৰিমাণ বৃদ্ধি পোৱাৰ সৈতে নদীৰ আকৃতিগত পৰিৱৰ্তনৰ সম্পৰ্ক বাখ্যা কৰে। ইয়াৰোপৰি, নগালেণ্ডত চলি থকা বনাঞ্চল ধ্বংস কাৰ্য আৰু অত্যধিক বৃষ্টিপাতে নামনিলৈ পানীৰ ঢল আৰু পলস কঢ়িয়াই অনাত ইন্ধন যোগাইছে বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁৰ মতে উজনি অসমৰ বান সমস্যাক কেৱল অসমৰ প্ৰশাসনিক সীমাৰ ভিতৰত আৱদ্ধ ৰাখি পৰ্যালোচনা কৰিলে নহ’ব, কাৰণ পাহাৰীয়া জল সংগ্ৰহণ এলেকাবোৰ (catchments) একেটা জলচক্ৰ বা নদী ব্যৱস্থাৰে এক অবিচ্ছেদ্য অংগ।
ভাৰ্চুৱেল মাধ্যমেৰে আলোচনাত অংশ লৈ দিল্লীৰ মিৰাণ্ডা হাউছৰ অধ্যাপক বাসৱী গুপ্তাই নগালেণ্ডত হোৱা অতিবৃষ্টি, ফ্লেছ ফ্লাড (হঠাতে অহা বান) আৰু ব্যাপক জলমগ্নতাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বতকৈ অধিক সষ্টম আৰু প্ৰস্তুত থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বান ব্যৱস্থাপনা কেৱল এটা নিৰ্দিষ্ট চৰকাৰী সংস্থাৰ মাজত সীমাবদ্ধ থাকিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানসমূহৰ মাজত যৌথ সমন্বয়ৰ আহ্বান জনায়। বানৰ কাৰণ আৰু পৰিণামসমূহ বনাঞ্চল, খনি অঞ্চল, বাট-পথ, নদী ব্যৱস্থা আৰু জনবসতিপূৰ্ণ অঞ্চললৈকে বিস্তৃত হৈ আছে। আলোচনাত পাহাৰীয়া অঞ্চলৰ ভংগুৰ পৰিৱেশ আৰু পানী নিষ্কাষণ ব্যৱস্থাক বিপৰ্যস্ত কৰা ‘ৰেট হ’ল মাইনিং’ (rat-hole mining) দৰে পৰিৱেশ ধবংসকাৰী কাৰ্যকলাপৰ বিষয়েও আলোচনা কৰা হয়।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ সহযোগী অধ্যাপক ড° দেৱজিত বেজবৰুৱাই কয়লা খনি আৰু অন্যান্য ভূমি ব্যৱহাৰৰ অনিয়মৰ ফলত দিখৌ নদী ব্যৱস্থাত পৰা প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ খনিজ খননৰ সময়ত সৃষ্টি হোৱা আৱৰ্জনা বা ভগ্নাৱশেষবোৰ পাহাৰৰ ঢালত জমা হৈ থাকে আৰু পিছলৈ ধাৰাষাৰ বৰষুণৰ ফলত সেইবোৰ নদীৰ বুকুলৈ উটি আহে। তেওঁ লগতে উল্লেখ কৰে যে কিছুমান বিশেষ পৰিস্থিতিত মথাউৰিয়ে বানৰ ভয়াবহতা হ্ৰাস কৰাৰ বিপৰীতে বৃদ্ধিহে কৰে। গতিকে প্ৰতিটো মথাউৰিয়েই বানৰ বিপৰ্যয় স্বয়ংক্ৰিয়ভাৱে কমাব বুলি ধৰি নলৈ, এনে গাঁথনিগত হস্তক্ষেপে পানীৰ স্বাভাৱিক গতিত কেনে প্ৰভাৱ পেলায় তাক বৈজ্ঞানিকভাৱে পৰীক্ষা কৰা উচিত। ড° বেজবৰুৱাই উজনি অসমৰ নদীসমূহৰ মাজত থকা পাৰ্থক্যৰ দিশটো আঙুলিয়াই দি কয় যে দিখৌ নদীৰ ক্ষেত্ৰত গেদ বা পলস জমা হোৱা সমস্যাটো যিমান প্ৰকট, দিচাং, জাঁজী বা ভোগদৈ নদীৰ ক্ষেত্ৰত তেনে পৰিস্থিতি দেখা পোৱা নাযায়। ইয়াৰ পৰা বুজা যায় যে বান ব্যৱস্থাপনাৰ আঁচনিসমূহ প্ৰতিখন নদীৰে সুকীয়া বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিব লাগে।
অনলাইনযোগে অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপক ড° শুক্লা আচাৰ্যই দিখৌ নদীৰ মাটি আৰু ইয়াৰ তলৰ গাঁথনিৰ পৰিৱৰ্তন আৰু ইয়াৰ ফলত প্লাৱনভূমিত (floodplain) পৰা প্ৰভাৱ বুজি পোৱাৰ ওপৰত জোৰ দিয়ে। নদীৰ গতিপথ, খহনীয়া, কাষৰীয়া ভূমি আৰু প্ৰাকৃতিক পানী নিষ্কাষণ প্ৰণালীৰ পৰিৱৰ্তনে বানৰ পানী বিয়পি পৰাৰ ধৰণ কেনেকৈ সলনি কৰিব পাৰে, সেই বিষয়ে তেওঁ বিতং বাখ্যা কৰে। বিশেষজ্ঞৰ দলটোৱে প্লাৱনভূমিৰ শ্ৰেণীবিভাজনৰ (floodplain zoning) ওপৰত গুৰুত্ব আৰোপ কৰি উন্নত দেশসমূহৰ উদাহৰণ দাঙি ধৰে, য’ত বানৰ আশংকা থকা অঞ্চলবোৰত ভূমি ব্যৱহাৰৰ সিদ্ধান্ত বৈজ্ঞানিক জৰীপৰ আধাৰত লোৱা হয়। বিশেষজ্ঞসকলৰ মতে, বাৰে বাৰে বানৰ কবলত পৰা অঞ্চলসমূহক কোনো বাধ্যবাধকতা নোহোৱাকৈ জনবসতি বা আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এৰি দিব নালাগে। বৰঞ্চ ঐতিহাসিক বানৰ তথ্য আৰু বৈজ্ঞানিক মানচিত্ৰৰ সহায় লৈহে সেই অঞ্চলসমূহৰ উন্নয়নমূলক কাম-কাজৰ সিদ্ধান্ত ল’ব লাগে।
এই চিন্তন বৈঠকত নদীৰ বুকুৰ গেদ জমাকৰণ, পাহাৰীয়া খহনীয়া আৰু নদীৰ পানী কঢ়িয়াই নিয়াৰ ক্ষমতা হ্ৰাস পোৱাৰ প্ৰসংগ উত্থাপন হয়। খহনীয়াগ্ৰস্ত পাহাৰ আৰু অববাহিকাসমূহে নদীসমূহলৈ অধিক পৰিমাণৰ পলস কঢ়িয়াই আনে, যাৰ ফলত নদীৰ গভীৰতা কমি আহে আৰু কিছুমান ঠাইত নদীৰ বুকু ক্ৰমাৎ বাম হৈ পৰে। একে সময়তে, ভৈয়াম আৰু প্লাৱনভূমিসমূহৰ স্বাভাৱিক জলনিৰ্গমণ নলা বা বিলসমূহ সংকুচিত হৈ পৰাৰ বাবে বানৰ পানী ওলাই যোৱাত বাধাৰ সৃষ্টি হয়। বিশেষজ্ঞসকলে অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা বাট-পথ, দলং, মথাউৰি আৰু শ্লুইচ গেটসমূহকো নদীৰ জলপ্ৰবাহৰ অন্তৰায় হিচাপে চিহ্নিত কৰে। ইয়াৰ উপৰি, ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ওফন্দি উঠাৰ ফলত দিখৌৰ দৰে উপনদীসমূহৰ পানী ওলাই যাব নোৱাৰি ওভতনি সোঁতৰ (backflow) সৃষ্টি কৰে, যাৰ বাবে নামনি অঞ্চলত দীৰ্ঘদিন ধৰি বান পৰিস্থিতি অপৰিৱৰ্তিত থাকে।
এই সমগ্ৰ আলোচনাৰ পৰা জুলাই মাহৰ এই বান বিপৰ্যয়ৰ কোনো এটা নিৰ্দিষ্ট কাৰণ স্পষ্ট কৰাৰ পৰিবৰ্তে ইয়াক এটা অতি জটিল আৰু সংমিশ্ৰিত ঘটনা হিচাপে চিহ্নিত কৰে য’ত প্ৰাকৃতিক অতিবৃষ্টিৰ সৈতে পাহাৰৰ ভৌগোলিক ধৰণ, ভূমিস্খলন, গেদ পৰিবহন, নদীৰ গতিপথৰ পৰিৱৰ্তন, কয়লা আৰু শিলৰ খনন, পানী নিষ্কাষণৰ কৃত্ৰিম বাধা আৰু বান প্ৰৱণ অঞ্চলত হোৱা ঘন জনবসতি একত্ৰিত হৈ এই সংহাৰৰ সৃষ্টি কৰিলে। বিশেষজ্ঞসকলৰ মতে, এতিয়া আমাৰ চৰকাৰী ব্যৱস্থাটো কেৱল পৰম্পৰাগত মথাউৰি কেন্দ্ৰিক চিন্তাধাৰা আৰু বানৰ পিছৰ সাহায্য বিতৰণৰ মাজতে সীমাবদ্ধ থাকিলে নহ’ব। ইয়াৰ পৰিৱৰ্তে এক সামগ্ৰিক অৱবাহিকাভিত্তিক বান বিপৰ্যয় ব্যৱস্থাপনাৰ (basin-wide flood-risk management) প্ৰয়োজন, য’ত নদীৰ ভূতাত্বিক নিৰীক্ষণ, জলবায়ুৰ সঠিক পূৰ্বানুমান, খনি আৰু শিলৰ কুৱেৰীসমূহৰ সঠিক নিয়ন্ত্ৰণ, প্ৰাকৃতিক পানী নিষ্কাষণৰ পথসমূহৰ পুনৰুদ্ধাৰ, প্লাৱনভূমিৰ শ্ৰেণীবিভাজন আৰু চৰকাৰী বিভাগসমূহৰ লগতে প্ৰতিৱেশী ৰাজ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰাটো অত্যন্ত জৰুৰী।আলোচনাত বিশেষজ্ঞসকলৰ মতে ভৱিষ্যতৰ বানৰ আগজাননী পাবলৈ অতীতৰ বানৰ ইতিহাস আৰু নদীৰ গতিপথৰ পৰিৱৰ্তনৰ নথিপত্ৰসমূহ সংৰক্ষিত কৰি অধ্যয়ন কৰিব লাগিব। গোলকীয় জলবায়ুৰ পৰিৱৰ্তন আৰু ভূমি ব্যৱহাৰৰ ক্ৰমবৰ্ধমান হেঁচাৰ বাবে নদীসমূহৰ আচৰণ সলনি হৈছে। গতিকে বৰষুণ কিমান হৈছে তাক জনাৰ সমান্তৰালকৈ অতিমাত্ৰা পানী অহাৰ সময়ত নদীখনে কেনে আচৰণ কৰে, তাক বুজি পোৱাতো সমানেই গুৰুত্বপূৰ্ণ।
ড° বিনীতা পাঠক আৰু ড° প্ৰাণজিত কলিতাক আহ্বায়ক হিচাপে লৈ অনুষ্ঠিত চিন্তন বৈঠকখন ব্যাপক সহমতৰ মাজেৰে সামৰণি পৰে। বৈঠকত অংশগ্ৰহণ কৰা বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে যে অসমৰ বানপানী সমস্যাৰ মোকাবিলা কৰিবৰ বাবে বিজ্ঞানী, চৰকাৰী সংস্থা আৰু স্থানীয় ৰাইজে সমন্বিতভাৱে আৰু একত্ৰিত হৈ কাম কৰাটো অত্যন্ত জৰুৰী। সেয়েহে জুলাই মাহৰ এই বানক কেৱল সাহায্য আৰু পুনৰ্নিৰ্মাণৰ ক্ষন্তেকীয়া সুযোগ হিচাপে নলৈ, ভৱিষ্যতে হ’বলগীয়া আন এক ডাঙৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পাবলৈ দিখৌ আৰু অন্যান্য নদীসমূহৰ সলনি হোৱা চৰিত্ৰ অধ্যয়ন কৰাৰ এক উপযুক্ত সুযোগ হিচাপে গ্ৰহণ কৰিব লাগে। ড৹ বিনীতা পাঠকে জলবায়ু প্ৰণালীটো পাচটা উপপ্ৰণালী ক্ৰমে জলমণ্ডল, ভূমমণ্ডল, বৰফমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ স্ংমিশ্ৰিত জ্ঞানৰ জৰিয়তে কিদৰে বিশ্ববিদ্যালয়ৰ সকলো বিভাগ লগ লাগি গৱেষণাৰ দিশত আগুৱাই যাব সেই বিষয়ে অৱগত কৰে।