লাওখোৱা চাপৰি আৰক্ষী থানাৰ উদ্যোগত সজাগতা সভা
ৰূপহীহাট,২৯আগষ্টঃ
সমাজৰ পৰা ড্ৰাগছৰ ভয়াবহতা, বাল্যবিবাহ, চাইবাৰ অপৰাধ আৰু ধৰ্ষণ তথা ঘৰুৱা হিংসা নিৰ্মূলৰ লক্ষ্যৰে লাওখোৱা চাপৰি আৰক্ষী থানাৰ উদ্যোগত আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। থানা স্তৰৰ নাগৰিক সমিতিৰ সহযোগত আয়োজিত সভাখনত স্থানীয় ৰাইজৰ লগতে আৰক্ষী আৰু নাগৰিক সমিতিৰ সদস্যসকলে অংশগ্ৰহণ কৰে।৬ নং বগামুখ এল.পি. স্কুলত অনুষ্ঠিত সভাখনত ড্ৰাগছৰ বিৰুদ্ধে যুৱ সমাজক সজাগ
কৰা, বাল্যবিবাহ ৰোধ, চাইবাৰ অপৰাধৰ পৰা সুৰক্ষিত থকা আৰু নাৰী তথা শিশুৰ ওপৰত সংঘটিত হিংসা-নিৰ্যাতন প্ৰতিৰোধৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়।আৰক্ষীৰ ফালৰ পৰা সমাজৰ প্ৰতিগৰাকী নাগৰিকক অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগ হৈ আৰক্ষীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হয়। লগতে যিকোনো অপৰাধমূলক ঘটনা বা সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ ৰাইজক আহ্বান জনোৱা হয়।সভাখনৰ জৰিয়তে আৰক্ষী আৰু ৰাইজৰ মাজত সমন্বয় অধিক শক্তিশালী কৰাৰ লগতে এখন অপৰাধমুক্ত আৰু সুৰক্ষিত সমাজ গঢ়াৰ বাবে সকলোৰে সহযোগিতা কামনা কৰা হয়।