অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী
জিলা আয়ুক্তলৈ ডিব্রুগড় আছুৰ স্মাৰক পত্ৰ প্ৰেৰণ
‘মূল্যবৃদ্ধি ৰোধ কৰিবই লাগিব’–সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থা
চাইন অন ডেস্ক,২৭আগষ্ট:

সম্পাদক বিতোপন গগৈ য়ে কয় যে সমগ্র অসমজুৰি খাদ্যবস্তুৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যি অস্বাভাৱিক আৰু অনিয়ন্ত্রিত মূল্যবৃদ্ধি সংঘটিত হৈছে, সেয়া জনসাধাৰণৰ জীৱন-যাপনক অসহনীয় কবি তুলিছে। চাউল, চেনি, দাইল, খাদ্য তেল, শাক-পাচলি, ঔষধ, পেট্র’ল, বন্ধনগেছ আদি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক গভীৰ আৰ্থিক সংকটৰ মাজলৈ ঠেলি দিছে। ইয়াৰ উপৰিও শিক্ষা সামগ্রী, মেছ আৰু হোষ্টেলৰ ব্যয় বৃদ্ধি পোৱাৰ ফলত বহু শিক্ষার্থীৰ শিক্ষা জীৱন বিপর্যস্ত হোৱাৰ উপক্ৰম হৈছে।


অন্যথা, সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাই অনাগত দিনত
গণতান্ত্রিকভাৱে তীব্র গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে। ইয়াৰ ফলত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ সম্পূর্ণ দায়-দায়িত্ব জিলা প্রশাসনে বহন কৰিব লাগিব বুলি উল্লেখ কৰে।