...

য়নেক্স চানৰাইজ আন্তঃ জিলা বেডমিণ্টন চেম্পিয়নশ্বিপ

য়নেক্স চানৰাইজ আন্তঃ জিলা বেডমিণ্টন চেম্পিয়নশ্বিপ

দলীয় শাখাত কামৰূপ চেম্পিয়ন

চাইন অন ডেস্ক,২৯ আগষ্ট:

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত চলি থকা য়নেক্স চানৰাইজ আন্তঃ জিলা বেডমিণ্টন চেম্পিয়নশ্বিপত দলীয় শাখাত কামৰূপ চেম্পিয়ন হয়। জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত ২৮ আগষ্টৰ নিশা অনুষ্ঠিত দলীয় শাখাৰ ফাইনেলত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত কামৰূপ দলে ডিব্ৰুগড় দলক ৩-২ ছেটত পৰাস্ত কৰে। ফাইনেলৰ প্ৰথমখন পুৰুষৰ ছিংগলছ খেলত কামৰূপৰ তন্ময় বৰুৱাই ডিব্ৰুগড়ৰ ৰোহিত গগৈক ১৫-১৩, ১৫-৪ পইণ্টত পৰাস্ত কৰে। মহিলাৰ ছিংগলছত কামৰূপৰ ময়ুৰী বৰ্মনে ডিব্ৰুগড়ৰ সুচিস্মিতা চক্ৰৱৰ্তীক ১৫-৬, ১৫-১১ পইণ্টত পৰাস্ত কৰে। লৰাৰ ছিংগলছত ডিব্ৰুগড়ৰ আছফৰ জীয়া আহমেদে কামৰূপৰ চিৰশ্যামল বৰুৱাক ১৩-১৫, ১৫-১০ আৰু ১৫-১০ পইণ্টত পৰাস্ত কৰে। ছোৱালীৰ ছিংগলছত ডিব্ৰুগড়ৰ গাৰ্গী শইকীয়াই কামৰূপৰ কৃত্তিকা তামূলীক ১৫-০, ১৫-৪ পইণ্টত পৰাস্ত কৰে। আনহাতে, নিৰ্ণায়ক পুৰুষৰ ডাবলছত খেলখনত কামৰূপৰ তন্ময় বিকাশ বৰুৱা আৰু নিবিৰ ৰঞ্জন চৌধুৰী যুটিয়ে ডিব্ৰুগড়ৰ দিব্যজ্যোতি বৰা আৰু ৰোহিত গগৈৰ যুটিক ১৫-৪, ১৫-৫ পইণ্টত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। চেম্পিয়ন কামৰূপ দলক অসম বেডমিণ্টন সন্থাৰ সচিব ওমৰ ৰছিদ আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াই ট্ৰফী প্ৰদান কৰে। আনহাতে, ৰানাৰ্ছ আপ ডিব্ৰুগড় দলক ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজীৱ বৰাই ট্ৰফী প্ৰদান কৰে। ২৭ আগষ্টৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ কালি দলীয় শাখাৰ খেল সমূহ সমাপ্ত হৈছে। আনহাতে, আজিৰে পৰা প্ৰতিযোগিতাখনৰ মুকলি শাখাৰ খেল সমূহ আৰম্ভ হৈছে। অহা ২ ছেপ্টেম্বৰত প্ৰতিযোগিতাখন সমাপ্ত পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *