...

আমোলাপট্টি এম ভি স্কুলত শৈক্ষিক সভা

আমোলাপট্টি এম ভি স্কুলত শৈক্ষিক সভা

শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত বিকাশৰ গতিপথ নিৰ্ণয় কৰিব পাৰে: চন্দন ফুকন

চাইন অন ডেস্ক,৭মে’:

ডিব্ৰুগড় জিলা শিক্ষা বিভাগৰ অন্তৰ্গত আমোলাপট্টি এম ভি স্কুলৰ শৈক্ষিক সভাখন বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাৰ উদেশ্য ব্যাখ্যা কৰে সহ শিক্ষক বসন্ত কুমাৰ গগৈয়ে। উদেশ্য ব্যাখ্যাত বসন্ত কুমাৰ গগৈয়ে বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ লগতে শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য ওপৰতে সভাখন আয়োজিত কৰা হৈছে বুলি উল্লেখ কৰে। ইয়াৰ পিছতে সভাপতি আসনৰ পৰা জিলা কৃতী শিক্ষক তথা বিদ্যালয়ৰ প্ৰধান চন্দন ফুকনে সকলো শিক্ষকৰ প্ৰতি সন্মান জনাই কয় যে- শিক্ষকে একো-একোজন ছাত্ৰৰ জীৱনত ভৱিষ্যৎ বিকাশৰ গতিপথ নিৰ্ণয় কৰিব পাৰে। শিক্ষকৰ নিজ বিষয়ৰ ইচ্ছাই ছাত্ৰক বিশেষভাৱে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰে। সেই বিষয়ৰ বিশিষ্ট অধ্যয়নৰ ফলত ছাত্ৰৰ পৰৱৰ্তী জীৱনৰ ভাব-অনুভূতি আৰু চিন্তাক্ৰিয়া আদি সেইমতে পৰিচালিত কৰে। মন কৰিবলগীয়া যে প্ৰতিজন প্ৰতিভাশালী লোকেই নিজ প্ৰতিভা বিকাশৰ গুৰিতে তেওঁ শিক্ষা লাভ কৰা শিক্ষক বা শিক্ষাগুৰুৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰে। শিক্ষকে সদায়ে ইতিবাচক দৃষ্টিৰে শ্ৰেণীত প্ৰৱেশ কৰাটো অত্যন্ত প্ৰয়োজন। শ্ৰেণীৰ কোঠা ছাত্ৰ-ছাত্ৰীৰ সকলৰ বাবে মনোগ্ৰাহী কৰি তুলাটো প্ৰত্যেক শিক্ষকৰ প্ৰথম কৰ্তব্য। শিক্ষকে শ্ৰেণীকোঠাত এনে এক পৰিৱেশ গঢ়ি তোলে য’ত ছাত্ৰ-ছাত্ৰীয়ে ভয়-শংকা নোহোৱাকৈ শিকাৰ সুবিধা পায়। ইয়াত বন্ধুত্বপূৰ্ণ আৰু সশ্রদ্ধ সম্পৰ্ক বজাই ৰখা হয়। শিক্ষকজনে শ্ৰেণীকোঠাৰ আচৰণৰ বাবে স্পষ্ট নিয়ম প্ৰৱৰ্তন কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ পৰা কি আশা কৰা হৈছে, সেয়া স্পষ্ট কৰি দিয়ে। শিকন সজুঁলিৰ দ্বাৰাই আৰু বিভিন্ন আহিলাৰ পদ্ধতি ব্যৱহাৰ কৰি শিক্ষকে পাঠদানক আকৰ্ষণীয় আৰু মনোগ্ৰাহী কৰি তুলি ছাত্ৰ-ছাত্ৰীৰ আচৰণ সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰে আৰু তেওঁলোকক ভুলৰ পৰা শিকিবলৈ উদগনি দিব পাৰে। শিক্ষাৰ্থীৰ প্ৰগতি নিৰীক্ষণ কৰা, মূল্যায়ন কৰা আৰু তেওঁলোকৰ শিকনৰ স্তৰ অনুসৰি নিৰ্দেশনা প্ৰদান কৰিব পাৰে। শিক্ষকগৰাকী কেৱল পাঠদান কৰোঁতাই নহয়, তেওঁ ছাত্ৰ-ছাত্ৰীৰ বাবে এজন পৰামৰ্শদাতা বা পথপ্ৰদৰ্শক হিচাপেও কাম কৰে। গতিকে এগৰাকী শিক্ষকৰ প্ৰধান কৰ্তব্য হৈছে স্কুলৰ শিক্ষা-কাৰ্য সম্পাদন কৰা। সাধাৰণভাৱে এই কথা সকলোৱে জানিলেও এই কাৰ্যৰ ব্যাপকতাৰ স্বৰূপ সম্বন্ধে ধাৰণা লাভ কৰি উঠাটো সহজ নহয়। এনে ব্যাপক পৰিসৰৰ পৰা শিক্ষকৰ কৰ্তব্য সম্বন্ধে বিভিন্ন ব্যাখ্যা দিয়া হয়। শিক্ষাবিদসকলৰ মতে, ছাত্ৰৰ সুস্থ আৰু সবল ব্যক্তিত্ব গঢ় দি তোলাটো শিক্ষকৰ প্ৰধান কৰ্তব্য। শিক্ষা মনোবিদসকলৰ মতে, ছাত্ৰৰ অন্তৰ্নিহিত শক্তি আৰু ক্ষমতাসমূহৰ যথোচিত বিকাশ সাধনত সহায় কৰাটো শিক্ষকৰ কৰ্তব্য। নৈতিক দৃষ্টিকোণৰ পৰা কোৱা হয় যে ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন কৰাটো শিক্ষকৰ কৰ্তব্য। বৰ্তমান সামাজিক দৃষ্টিকোণৰ বিবেচনাৰে আকৌ কোৱা হয় যে শিক্ষকৰ দায়িত্ব হৈছে ছাত্ৰক সমাজৰ যোগ্য ব্যক্তি স্বৰূপে অথবা সুনাগৰিক স্বৰূপে গঢ় দি তোলা। উল্লেখিত এই সকলোবোৰ দৃষ্টিভংগীতেই শিক্ষকৰ সামূহিক দায়িত্ব আংশিক ৰূপত প্ৰতিফলিত হয়। অৱশ্যে ইয়াক কাৰ্যকৰী কৰিবলৈ যাওঁতে শিক্ষকৰ ব্যক্তিগত কৰ্তব্য সম্বন্ধে শিক্ষকৰ ধাৰণা স্পষ্ট আৰু ব্যৱহাৰিক বিধৰ হোৱা উচিত বুলি ব্যক্ত কৰে। লগতে বিভাগৰ অৰ্থাৎ বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাই দিয়া নিদেৰ্শ অনুসৰি সকলো শিক্ষকেই নিদিষ্ট সময়ত বিদ্যালয়ত প্ৰৱেশ আৰু বিদ্যালয় ত্যাগ অৰ্থাৎ বিদ্যালয়ৰ সময় সূচী, নীতি-নিয়ম , দুদিন অৰ্ধ ছুটি ল’লে এদিন নৈমিত্তিক ছুটি হিচাপে মঞ্জুৰ কৰা,চিচি এলৰ ক্ষেত্ৰত১৫ দিনৰ পূৰ্বে আবেদন কৰা আৰু এচ এম চিৰ অনুমোদন, তথা কোনো শ্ৰেণীৰ পাঠদান ক্ষতি নোহোৱা, পুথিভঁৰালৰ যথোপযুক্ত ব্যৱহাৰ, শৈক্ষিক দিশ, পৰিস্কাৰ- পৰিছন্নতা,এম ডি এম, ইউনিৰ্ফম, পাঠ্যপুথি,, ছাত্র-ছাত্ৰীৰ সামগ্ৰিক মূল্যায়ন, বিদ্যালয়ৰ ৰোল বুক ইত্যাদি মানি চলিবলৈ প্ৰধান শিক্ষক চন্দন ফুকনে সকলোকে আহ্বান জনায়। সভাত শিক্ষকৰ শৈক্ষিক পাঠদানৰ কিছু সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। উক্ত সভাত জ্যেষ্ঠ শিক্ষয়িত্ৰী ৰূপালী দাস, মামণি বৰা, নিপুজ্যোতি গগৈ, আল্পনা চুতীয়া, জেনিভা শৰ্মা, কল্যাণি দাস, নিলীমা চাংকাকতী, আৰিফা বেগম, যুতিকা শৰ্মা, শেৱালি দত্ত, বনশ্ৰী ফুকন, নাজৰাণা হাজৰিকা আদি শিক্ষয়িত্ৰী সকল উপস্থিত থাকে। ইয়াৰ পিছতে উপস্থিতি সকলোৱে সৰ্বসন্মত ভাবে কেইবাটাও সিদ্ধান্ত গ্ৰহন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *